Russia Ukraine War : গাওঁ প্ৰায় দখল কৰিছে ৰুছ সেনাই , ৰক্ষা কৰিবলৈ বান্ধ ভাঙিলে গাঁওবাসীয়ে ! তাৰ পাছত

Ukraine cold

আহি আছে ৰুছ সেনা । দখল কৰিব পাৰে এখনৰ পাছত এখন গাঁও । এই আশংকাত ইৰপাইন নদীৰ বান্ধ কাটিছে কিভৰ উত্তৰাংশৰ গাঁওবাসীসকলে ।

ভাঁহি গ’ল এখনৰ পাছত এখন গাঁও। ঘৰৰ পৰা কৃষিভূমিলৈকে, সকলোবোৰ পানীৰ তলত । যথেষ্ট বেদনাত গাওঁবাসীসকল। কিন্তু ৰাছিয়াৰ সেনাৰ পৰা ইয়াক ৰক্ষা কৰা হৈছিল, সেইটোৱেই বহুত ! বুলি তেওঁলোকে কয়।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ আৰম্ভণিতে ইউক্ৰেইনৰ বাহিনীয়ে ডেমিডিভৰ ইৰপাইন নদীৰ বান্ধ ভাঙি পেলাইছিল। গাওঁবাসীসকলেও সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। তেওঁলোকৰ গাওঁখন ভাঁহি যাব বুলি জানিও তেওঁলোকে সহায় কৰিবলৈ আগবাঢ়ি আহে।

পানীত ভাঁহি গ’ল হেজাৰ হেজাৰ একৰ মাটি । কিন্তু গাওঁবাসীৰ মনত “সকাহ”!গাওঁবাসীয়ে জনাইছে যে তেওঁলোকে তথ্য পাইছিল যে পুটিনৰ বাহিনী যুদ্ধ টেংক আৰু গোলাবাৰুদৰ স’তে আক্ৰমণৰ সন্মুখীন হৈছে।

তাৰ পাছতেই, এই সিদ্ধান্ত। ৰাছিয়ান সেনাৰ পৰা ৰক্ষা পৰে! কিন্তু গাওঁখন বানপানী হৈ পৰে? গাওঁবাসীয়ে অৱশ্যে কয় যে এইটো ভালে হৈছে । নাম উল্লেখ কৰিব নিবিচৰা এজন স্থানীয় বাসিন্দাই কয়, “যদি তেওঁলোকে সেই সৰু নদীখন পাৰ হৈ গাওঁখনত প্ৰৱেশ কৰিলে হেঁতেন তেন্তে কি দুৰ্যোগ হ’লহেঁতেন।”

যোৱা দুমাহ ধৰি, গাওঁখনৰ লোকসকলে নাৱত ঘূৰি ফুৰিছে। যিকোনো পাচলি, শস্য আগতীয়াকৈ চপোৱা হৈছিল,সেইয়াই কোনো ক্ৰমে চলি গৈছে।

Exit mobile version