Viral wedding : হলিউডৰ ষ্টাইলত বিয়া কৰোৱাৰ চখ,বিয়াৰ পোছাকত জুই নৱদম্পতীৰ

1652426967 wedding

বহুলোকে বিয়াৰ দিনটো স্মৰণীয় কৰি তুলিব বিচাৰে। কিন্তু সেই বুলি কি শৰীৰত জুই লগাব ? শুনি আচৰিত লাগিলেও কিন্তু এইটো সত্য । বিবাহৰ দিনটো স্মৰণীয় কৰি তুলিবলৈ নিজৰ গাত জুই লগাই দিলে এহাল নৱবিবাহিত দম্পতীয়ে। হলীউডৰ বিভিন্ন একচন চলচ্চিত্ৰত ষ্টান্ট ডাবলছ হিচাপে কাম কৰে গেবি জেচপ আৰু এম্বাৰ বাম্বৰিয়ে ।

দুয়োয়ে বিয়াৰ দিনটো স্মৰণীয় কৰি তুলিবলৈ,কাৰ্যত তেওঁলোকে হলিউড ষ্টাইল বাছনি কৰিলে । ভিডিঅ’টোত, বগা পোছাক পিন্ধা কইনাগৰাকীয়ে হাতত জ্বলন্ত ফুলৰ থোপা ধৰি থকা দেখা গৈছে, যাৰ পাছত সেই ফুলৰ থোপাটোৰ পৰা কইনা আৰু দৰাৰ পিঠিত জুই লাগিছে।

ৰাছ পাৱেল নামৰ এজন বিবাহৰ ফটোগ্ৰাফাৰে গোটেই বিষয়টো বন্দী কৰিছে। অৱশ্যে, নিজে এনে কৰা স্বত্বেও, নৱদম্পতিয়ে সাধাৰণ মানুহক সতৰ্কবাণী দিছে। তেওঁলোকে কয় যে তেওঁলোকক এই ধৰণৰ কামৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে।

ইয়াৰ উপৰিও, তেওঁলোকে গোটেই বিষয়টোৰ আগতে কেবাবাৰো পৰীক্ষামূলক ভিত্তিত অনুশীলন কৰিছে। সেয়েহে, বিশেষজ্ঞৰ তত্বাৱধান অবিহনে এনে কাম একেবাৰে কৰা উচিত নহয় বুলি মত প্ৰকাশ কৰে দুই দম্পতীতে

Exit mobile version