Biometric presence : দুর্নীতিমুক্ত কৰিবলৈ ১০০ দিনৰ কামত বায়’মেট্রিক উপস্থিতি বাধ্যতামূলক কৰিলে কেন্দ্র‌ই

693845 biometric attendance system 012617

১০০ দিনৰ কামত দুর্নীতি ৰোধ কৰিবলৈ কঠোৰ পদক্ষেপ ল’লে কেন্দ্র‌ই । এইবাৰৰ পৰা এই কামত অংশগ্রহণকাৰী শ্রমিকসকলক কেন্দ্রীয় চৰকাৰী এপত বায়’মেট্রিক উপস্থিতি বাধ্যতামূলক কৰা হ’ল । এই এপত বায়’মেট্রিক উপস্থিতি থাকিলেহে পাৰিশ্রমিক লাভ কৰিব । সোমবাৰৰ পৰা এই নিয়ম আৰম্ভ কৰা হৈছে । সকলো ৰাজ্যকে এই বিষয়ত পত্ৰ দি সিদ্ধান্ত কার্যকৰ কৰিবলৈ নির্দেশ দিছে কেন্দ্র‌ই ।

সেই মতে বিডিঅ’ কাৰ্যালয়বোৰত কাম আৰম্ভ কৰিবলৈ কোৱা হৈছে । কেন্দ্রীয় চৰকাৰৰ ‘নেছনেল ম’বাইল মনিটৰিং ছিষ্টেম’ এপৰ মাধ্যমতেই বায়’মেট্রিক উপস্থিতি দিব লাগিব । বহিত লিখি হাজিৰি দিলে গণ্য কৰা নহ’ব ।

উল্লেখ্য, ২০২১ৰ ২১ মে’ৰ টৰা এই এপৰ মাধ্যমত হাজিৰি নথিভুক্ত কৰাৰ প্রক্রিয়া আৰম্ভ হৈছিল । সেই সময়ত চৰকাৰী বিষয়াসকলে সংশ্লিষ্ট শ্রমিকসকলৰ হাজিৰিৰ বিষয়টো বায়’মেট্রিক পদ্ধতিত লোৱাৰ কাম আৰম্ভ কৰিছিল । কিন্তু এই প্রক্রিয়াক কেন্দ্র কৰি বহু ৰাজ্য‌ই আপত্তি কৰাত বিষয়টো বন্ধ হৈ যায় ।

এই প্রকল্পক লৈ নানান সময়ত দুর্নীতিৰ অভিযোগ উত্থাপিত হৈছিল । সেয়ে যোৱা মার্চত এই এপ্ সম্পৰ্কত বৈঠক হয় কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রণালয়ত । তাতেই সিদ্ধান্ত লোৱা হয়, যিসমূহ স্থানত ২০ বা ততোধিক শ্রমিক ১০০ দিনৰ কামত জড়িত আছে, তাত এই এপৰ মাধ্যমতেই হাজিৰি নথিভুক্ত কৰিব লাগিব ।

সেয়ে সিদ্ধান্ত লোৱাৰ আগমুহূৰ্তলৈকে বায়’মেট্রিক উপস্থিতি বাধ্যতামূলক কৰাৰ ক্ষেত্রত চাপ দিয়া নাই কেন্দ্রীয় চৰকাৰে । বৰঞ্চ বিষয়টো ঐচ্ছিক ৰখা হৈছিল । কিন্তু এইবাৰ এই বিষয়টো ঐচ্ছিক কৰি ৰাখিব বিচৰা নাই কেন্দ্রীয় চৰকাৰে । কাৰণ, কেন্দ্রীয় ১০০ দিনৰ কামক লৈ প্রচুৰ অভিযোগ আহিছে দেশৰ বিভিন্ন প্রান্তৰ পৰা ।

কৰ’বাত ভুৱা জব কার্ড, কৰ’বাত শ্রমিকসকলৰ বেতনৰ পৰা প‌ইচা কটা, কৰ’বাত উপস্থিতি নিদিয়াকৈয়ে শ্রমিকসকলৰ বেতন পোৱাৰ অভিযোগ উঠিছিল । কৰ’বাত আকৌ একেই কাম দেখুৱাই বাৰে বাৰে বেতন লোৱাৰ দৰে অভিযোগো আহিছে গ্রামোন্নয়ন মন্ত্রণালয়ত । সেয়ে আৰু পলম কৰিব বিচৰা নাই কেন্দ্রীয় চৰকাৰে । ফলত সোমবাৰৰ পৰাই ১০০ দিনৰ কামত বায়’মেট্রিক উপস্থিতি বাধ্যতামূলক কৰা হ’ল ।

Exit mobile version