বাৰাণসীৰ জ্ঞানবাপী মছজিদৰ পাছত এইবাৰ মথুৰাৰ শ্বাহি ঈদগাহ মছজিদ ছিল কৰাৰ দাবীত গোচৰ ৰুজু কৰা হ’ল আদালতত । মঙবাৰে হিন্দুত্ববাদীসকলৰ তৰফৰ পৰা মথুৰা আদালতত আবেদন জনোৱা হৈছে, জ্ঞানবাপী মছজিদৰ দৰে শ্বাহি ঈদগাহতো আছে ‘হিন্দুত্বৰ প্রমাণ’ । সেইবোৰৰ সমীক্ষা আৰু ভিড’গ্রাফিৰ দাবীত ইতিমধ্যে এটা গোচৰ দাখিল কৰা হৈছে ঈলাহাবাদ উচ্চ ন্যায়ালয়ত ।
সেই গোচৰৰ ৰায় ঘোষণাৰ আগতেই ঈদগাহৰ পৰা ‘হিন্দুত্বৰ প্রমাণ’ ধ্বংস কৰা হ’ব পাৰে বুলি শংকা প্রকাশ কৰি শীঘ্ৰে সম্পূৰ্ণ চৌহদটো ছিল কৰাৰ আবেদন জনোৱা হৈছে আদালতত ।
আবেদনকাৰীৰ পক্ষৰ অধিবক্তা মহেন্দ্রপ্রতাপ সিঙে কয়, ‘‘কাশীৰ তথাকথিত জ্ঞানবাপী মছজিদ চৌহদত সমীক্ষা আৰু ভিডিঅ’গ্রাফিৰ প্রাথমিক প্ৰতিবেদন পৰ্যবেক্ষণ কৰাৰ পাছত সোমবাৰে আদালতে ‘মা শৃংগাৰ গৌৰীস্থল’ (মছজিদৰ অজুখানা আৰু ভঁৰাল ঘৰ অঞ্চল) ছিল কৰাৰ নির্দেশ দিছে । তাত প্রাচীন শিৱলিংগৰ সন্ধান পোৱা গৈছে । আমাৰ শংকা, মথুৰাৰ শ্বাহি ঈদগাহৰ পৰা এইবাৰ এনে ঐতিহাসিক প্রমাণবোৰ ধ্বংস কৰাৰ চেষ্টা কৰা হ’ব ।’’
এনে পৰিস্থিতিত ঈদগাহ চৌহদ তেওঁ ছিল কৰাৰ আবেদন জনায় । মথুৰা আদালত আবেদন গ্রহণ কৰি জনাইছে অহা এক জুলাইত গোচৰৰ পৰৱর্তী শুনানি হ’ব ।
প্রসংগত, মথুৰাৰ প্রাচীৰ কাটৰা স্তূপ (যা কাটৰা কেশৱদাস নামে পৰিচিত) অঞ্চলত ‘শ্রীকৃষ্ণ জন্মস্থান কমপ্লেক্সৰ লগতেই আছে শ্বাহি ঈদগাহ মছজিদ । হিন্দুত্ববাদীসকলৰ দাবী, ঈদগাহৰ এই ভূমিত কৃষ্ণৰ গর্ভগৃহত আছিল প্রাচীন কেশৱদাস মন্দিৰ । কাশীৰৰ ‘প্ৰকৃত বিশ্বনাথ মন্দিৰৰ’ দৰেই মথুৰাৰ মন্দিৰটোও ধ্বংস কৰিছিল মোগল সম্রাট ঔৰংগজেবে । অভিযোগ, তাত তেওঁ শ্বাহি ঈদগাহ মছজিদ নির্মাণ কৰিছিল ।
