জৰাজীৰ্ণ শ্ৰেণীকোঠাত শিক্ষাগ্ৰহণ চৰকাৰী শিক্ষাখণ্ডৰ শিক্ষাৰ্থীৰ

গুণোউৎসৱত যোৱাবেলি 'এ' গ্ৰেড প্ৰাপক বিদ্যালয়ৰ নহ'ল কোনো ধৰণৰ উন্নয়ন

কলগাছিয়াত চৰকাৰী শিক্ষাখণ্ডৰ বিদ্যালয়ৰ জৰাজীৰ্ণ ৰূপে উদঙাইছে চৰকাৰী শিক্ষাখণ্ডৰ প্ৰকৃত স্বৰূপ । বৰপেটা জিলাৰ ৰূপসি শিক্ষা খণ্ডৰ অন্তৰ্গত পূৱ তিতাপানী ছোৱালী প্ৰাথমিক বিদ্যালয়ৰ শোচনীয় অৱস্থা ।

যি সময়ত গুণগত শিক্ষাৰ বাবে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয়বোৰত গুণোউৎসৱ অনুষ্ঠিত কৰিছে তেনে সময়ত তিতাপানী ছোৱালী প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ শ্ৰেণী কোঠাত ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিছে । অতি শীঘ্ৰে বিদ্যালয়খনৰ গৃহ পকীকৰণ কৰি দিয়াৰ বাবে চৰকাৰক দাবী জনাইছে শিক্ষক আৰু স্থানীয় ৰাইজে ।

Exit mobile version