‘বলীউড তাৰকা কোনো মোৰ ঘৰত ভৰি দিয়াৰ যোগ্য নহয়’ মন্তব্য কংগণাৰ

kangana ranaut 24

পুনৰ বিতৰ্কিত মন্তব্য কংগণা ৰাণৌৱতৰ (Kangana Ranaut) বি-টাউনৰ কোনেও তেওঁৰ ঘৰত ভৰি দিবলৈ যোগ্য নহয়, বুলি মন্তব্য কৰে। বলীউডৰ অভিনেত্ৰীগৰাকীয়ে ।

এই শুকুৰবাৰে চিনেমা হলত মুক্তি পাব কংগণা অভিনীত ‘ধাকদ’ (Dhaakad)। চলচ্চিত্ৰখনৰ প্ৰচাৰৰ সময়ত, অভিনেত্ৰীগৰাকীক সোধা হৈছিল যে তেওঁ কোন বলীউড তাৰকাসকলক তেওঁৰ ঘৰলৈ নিমন্ত্ৰণ কৰিব ?

অভিনেত্ৰীগৰাকীয়ে উত্তৰ কয়, “কোনো বলীউড তাৰকাই মোৰ ঘৰত ভৰি দিয়াৰ যোগ্য নহয়। ঘৰলৈ আমন্ত্ৰণ কৰাৰ কোনো প্ৰয়োজন নাই। বাহিৰত লগ পোৱাই ভাল ।”

বলীউডৰ কোনো তাইৰ বন্ধু হোৱাৰ যোগ্য নাই বুলিও ভাৱে কংগণাই । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি অভিনেত্ৰীগৰাকীয়ে কয় যে কোনেও তেওঁৰ বন্ধু হোৱাৰ যোগ্য নহয় ।

অৱশ্যে, কংগণাই এনে ধৰণৰ বিতৰ্কিত মন্তব্য কৰিয়েই থাকে । কেইদিনমান আগতে, তেওঁ বলীউডৰ।তাৰকাসকলক সিজোৱা কণীৰ স’তেও তুলনা কৰিছিল ।

অভিনেত্ৰীগৰাকী এইয়ে প্ৰথম নহয়, বিভিন্ন সময়ত বিভিন্নজনকত তেওঁ বিতৰ্কিত মন্তব্য দি সামাজিক মাধ্যমৰ আৰু সংবাদ মাধ্যমত শিৰোনামা দখল কৰে ।

Exit mobile version