Kabul : কাবুলত পুনৰ দূতাবাস খোলাৰ পৰিকল্পনা ভাৰতৰ

ezgif 7

আফগানিস্তানত বসবাস কৰিলে প্রাণ সংশয়ৰ শংকা থকাৰ লগতে তালিবান চৰকাৰক এতিয়াও কূটনৈতিকভাৱে স্বীকৃতি দিয়া হোৱা নাই । সেয়ে দূতাবাস বন্ধ কৰিছিল ভাৰতে । কিন্তু এইটোও ঠিক যে, ইউৰোপীয় ইউনিয়নসহ ১৬খন দেশে তাত বন্ধ কৰি দিয়া দূতাবাস পুনৰ খুলিছে । ৰাছিয়া, চীন, পাকিস্তান, ইৰানৰ দৰে দেশসমূহেটো কেতিয়াও বন্ধ কৰাই নাছিল দূতাবাস । ফলত বিগত ১০ মাহ ধৰি আফগানিস্তানৰ মানচিত্রত কার্যত মচি গৈছে একমাত্র ভাৰত ।

সূত্রৰ খবৰ, এই উভয় সংকটৰ মাজতে ছাউথ ব্লক কাবুলত দূতাবাস খোলাৰ চিন্তা-চৰ্চা কৰিছে । অৱশ্যে আগৰ দৰে শীর্ষ কূটনৈতিক কৰ্মকর্তাসকল তাত নাযায় । পূর্ণাংগ সক্রিয়তাও নাথাকিব । বৈদেশিক মন্ত্রণালয়ৰ এক শীর্ষ কৰ্মকর্তাৰ মন্তব্য, “এই বিষয়ত কিছু কথাবার্তা আগবাঢ়িছে । আফগানিস্তানৰ মানুহৰ লগত থাকিবৰ বাবে আৰু সহায় কৰিবৰ বাবে লিয়াজোৰ কাষত দূতাবাস ব্যৱহাৰ কৰা হ’ব পাৰে ।”

প্রসংগত, কালি নতুন দিল্লীত আয়োজন কৰা হৈছিল এছচিঅ’ গোষ্ঠীভুক্ত ৰাষ্ট্ৰসমূহৰ আঞ্চলিক সন্ত্রাসবিৰোধী কমিটীৰ বৈঠক । আলোচনাত অগ্রাধিকাৰ পাইছে আফগানিস্তানে । কিন্তু দেখা গৈছে, এই বৈঠকত ভাৰতেই একমাত্র দেশ যাৰ কোনো উপস্থিতি নাই কাবুলত ।

সূত্রৰ খবৰ, ইতিমধ্যে ভাৰতৰ পৰা নিৰাপত্তা বিভাগীয় কৰ্মকর্তাসকলৰ এটা দলে আফগানিস্তান ভ্ৰমণ কৰি, পৰিস্থিতিৰ বুজ লৈছে । তেওঁলোকে দিয়া প্ৰতিবেদনৰ ভিত্তিতে আলোচনা হৈছে কাবুলত ভাৰতীয় দুতাবাসৰ তলা আংশিকভাৱে হ’লেও খোলাৰ । ভাৰতৰ স’তে আফগানিস্তানবাসীসকলৰ ন্যূনতম যোগাযোগ ৰক্ষা, প্রয়োজনত তেওঁলোকক ভাৰতীয় সহায় দিয়াই যাৰ মুখ্য উদ্দেশ্য ।

তালিবানে কাবুল দখল কৰাৰ দুদিন পাছত অর্থাৎ বিগত বৰ্ষৰ ২৭ আগষ্টত, আফগানিস্তানত দূতাবাস বন্ধ কৰি দিয়ে ভাৰতে । তাৰ পাছৰ পৰাই চৰকাৰৰ অভ্যন্তৰত বিতর্ক চলিছে, এই সিদ্ধান্তক লৈ । নিৰাপত্তা বিভাগীয় কৰ্মকর্তা আৰু বৈদেশিক মন্ত্রণালয়ৰ একাংশৰ বক্তব্য, দূতাবাস খোলা ৰখা মানে ভাৰতীয় বিষয়াসকলৰ প্রাণ বিপন্ন কৰা ।

নৰেন্দ্র মোদী চৰকাৰৰ বক্তব্য, আফগানিস্তানৰ সমস্ত সম্প্রদায়ৰ মানুহক লৈ চৰকাৰ গঠন কৰা হ‌ওক । সেই দেশৰ ভূমিক যেন অন্য দেশৰ বিৰুদ্ধে সন্ত্রাসৰ কামত ব্যৱহাৰ কৰা নহয় । এই পর্যন্ত তালিবানৰ তৰফৰ পৰা এই মর্মে কোনো অনুমোদন পোৱা নাই ছাউথ ব্লকে ।

Exit mobile version