Lactose Intolerant : গৰুৰ গাখীৰ খালেই হজমৰ সমস্যা হয় ? কি খালে লাভ কৰিব গাখীৰৰ পুষ্টি

soy milk bottle 1200 628 facebook 1200x628 1

গাখীৰত বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান থাকে । নানান প্ৰকাৰৰ ভিটামিন, মিনাৰেল, প্ৰ’টিন, কেলচিয়াম — সকলো থাকে ইয়াত ! সেয়ে অনেকে দিন আৰম্ভ কৰে এক গ্লাছ গাখীৰ খাই । কিন্তু সকলোৰে গৰুৰ গাখীৰ সহ্য নহয় । হজমৰ সমস্যা দেখা দিয়ে গাখীৰৰ পৰা প্ৰস্তুত মাখন, ছানা, চিজৰ দৰে অন্য কোনো খাদ্য খালেও । এনে বহুত লোক আছে, যিয়ে গৰুৰ গাখীৰ খালে অসুস্থ হৈ পৰে । তেওঁলোকক কোৱা হয় ‘লেক্ট’ছ ইনটলাৰেন্ট’ (Lactose Intolerant) ।

তেন্তে গাখীৰ নোখোৱাকৈৱে থাকিব নেকি ? ক’ৰ পৰা পুষ্টি পাব ?

আজিকালি লেক্ট’ছ ইনটলাৰেন্ট মানুহক কোৱা হয় অন্য কোনো ধৰণৰ গাখীৰ খাবলৈ । যি প্রাণীজাত নহয়, তেনে গাখীৰ খালে বহু সময়তেই সমস্যা কিছু কম হ’ব পাৰে ।

কিন্তু কোন প্ৰকাৰৰ গাখীৰত পোৱা যাব গৰুৰ গাখীৰ দৰেই পুষ্টি ? কি খালে শৰীৰৰ পুষ্টিৰ প্রয়োজনীয় সকলো উপাদান পাব ? জানেনে ?

সম্প্রতি এটা গৱেষণাত জনোৱা হৈছে, ছয়াবিনৰ গাখীৰ নানা ধৰণৰ উপাদান সমৃদ্ধ । ইয়াৰ পৰা যথেষ্ট পুষ্টি পাব পাৰে । ভিটামিন এ, ডি, প্র’টিন, কেলচিয়াম — সকলো আছে এই গাখীৰত । ফলত গৰুৰ গাখীৰ হজম নহ’লে ছয়াবিনৰ গাখীৰ খোৱাৰ অভ্যাস কৰিব পাৰে বুলি মত পোষণ কৰে সেই দেশৰ বিশেষজ্ঞসকলে ।

নিয়মিত ছয়াগাখীৰ খালে হজমৰ সমস্যাও নহ’ব আৰু শৰীৰো শক্তিশালী হৈ থাকিব । বাঢ়িব কর্মক্ষমতা ।

Exit mobile version