Shahi Eidgah Mosque : মথুৰাৰ শ্বাহি ঈদগাহ মছজিদত নমাজ বন্ধৰ আবেদন আদালতত

pjimage 14

জ্ঞানবাপীক লৈ বিতর্ক অব্যাহত । তাৰ মাজতেই মন্দিৰনগৰী মথুৰাৰ শ্বাহি ঈদগাহ মছজিদত নমাজ পঢ়া বন্ধ কৰাৰ দাবী তুলিলে অধিবক্তা আৰু আইন পাঠ্যৰত ছাত্রসকলৰ একাংশ‌ই । আদালতত তেওঁলোকৰ আবেদন, অতি শীঘ্ৰে যেন শ্বাহি ঈদগাহ মছজিদত নমাজ পঢ়াৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হয় ।

আবেদনকাৰীসকলৰ দাবী শ্বাহি ঈদগাহ মছজিদ প্ৰকৃততে কৃষ্ণৰ জন্মস্থান । মছজিদৰ আগতে এই স্থানত এটা মন্দিৰ আছিল । আবেদনকাৰী এজন অধিবক্তা শৈলেন্দ্র সিঙে কয়, ‘‘মছজিদৰ এই কাঠামো এটা হিন্দু মন্দিৰৰ অৱশিষ্টাংশৰ ওপৰত তৈয়াৰ কৰা হৈছে । এইটো এটা মন্দিৰ আৰু এই কাঠামোৰ ওপৰত মছজিদ হোৱাৰ কোনো যোগ্যতা নাই ।’’

সেয়ে এই কাঠামো ব্যৱহাৰত মুছলিম সম্প্রদায়ৰ ওপৰত স্থায়ী নিষেধাজ্ঞা জাৰি কৰাৰ আবেদন জনাই তেওঁলোকে আদালতৰ দ্বাৰস্থ হয় বুলিও তেওঁ জনায় ।

প্রসংগত, হিন্দুত্ববাদী সংগঠনবোৰেও বহু দিন ধৰি দাবী জনাই আহিছে, মোগল সম্রাট ঔৰংজেৱৰ কৃষ্ণ মন্দিৰৰ একাংশ ধ্বংস কৰি তাত এই মছজিদ তৈয়াৰ কৰিছিল । ফলত এই মছজিদ আঁতৰাই দিব লাগিব ।

ইয়ৰ আগতেও বিভিন্ন হিন্দুত্ববাদী সংগঠনে মথুৰাৰ আদালতত মছজিদ আঁতৰাই দিয়াৰ দাবী জনাই ১০টা পিটিছন দাখিল কৰিছিল । এই মছজিদৰ কাষত এটা কৃষ্ণৰ মন্দিৰো আছে, কাটৰা কেশৱ দেৱ মন্দিৰ । এই মছজিদ অঞ্চলত আগতে কেশৱ দেৱ মন্দিৰ আছিল বুলিও হিন্দুত্ববাদী সংগঠনবোৰৰ দাবী ।

চলিত বৰ্ষত হোৱা উত্তৰ প্রদেশ বিধানসভা নির্বাচনত বিশেষ দৃষ্টি আছিল দেশবাসীৰ । বিজেপিৰ দাবী আছিল, তেওঁলোকৰ দল ক্ষমতাত আহিলে মন্দিৰো আহিব । মথুৰা বিধানসভা কেন্দ্রতো জয়ী হয় বিজেপি । এক লক্ষৰো অধিক ব্যৱধানত নিকটতম প্রতিদ্বন্দ্বী কংগ্রেছৰ প্রদীপ মাথুৰাক পৰাজিত কৰি জয়ী হয় বিজেপিৰ শ্রীকান্ত শর্মা । মথুৰাত বিজেপি জয়ী হ’লে এই চহৰতো মন্দিৰ-মছজিদ বিতর্ক‌ই গা কৰি উঠিব পাৰে বুলি আগতেই অনুমান কৰিছিল ৰাজনৈতিক বিশেষজ্ঞসকলে ।

Exit mobile version