গৰিয়া মৰিয়া দেশী জনগোষ্ঠীৰ অস্তিত্ব সংকটত

জনগোষ্ঠীসমূহ তদাৰকৰ বাবে "অভিভাৱক/ তত্ত্বাৱধায়ক মন্ত্ৰী" নিযুক্তিৰ দাবী

মনৰ দুখ-বেদনা বুজিবলৈ, অভাৱ-অভিযোগ শুনিবলৈ এজন “অভিভাৱক/তত্ত্বাৱধায়ক মন্ত্ৰী” নিযুক্ত দিয়াৰ আবেদন ।

অসমৰ থলুৱা জনজাতি জনগোষ্ঠীৰ সুৰক্ষাৰ স্বাৰ্থত গঠন হোৱা বৰ্তমানৰ চৰকাৰখনে প্ৰতিজন অসমীয়াৰ অস্তিত্ব আৰু প্ৰভূত্ব ৰক্ষাৰ্থে দৃঢ় প্ৰতিজ্ঞাবদ্ধ ।

অসমত অতীজৰে পৰা বসবাস কৰি থকা গৰিয়া মৰিয়া দেশী আদি জনগোষ্ঠীসমূহ বৰ্তমান অস্তিত্বৰ সংকটত ভুগি দিশহাৰা হৈ পৰিছে । অসমৰ চোকে-কোণে সিঁচৰিত হৈ থকা এই জনগোষ্ঠীৰ লোকসকল বছৰ বছৰ ধৰি বঞ্চিত আৰু অৱহেলিত হৈ আহিছে ।

বিগত কংগ্ৰেছ দলৰ দীৰ্ঘদিনীয়া শাসনকালত স্বধৰ্মীয় বহিৰাগত আৰু পূৰ্ববংগীয় মূলৰ লোকসকলৰ লগত একাকাৰ কৰি সংখ্যালঘুৰ মাজতে সংখ্যালঘু কৰি এই জনগোষ্ঠীসমূহ প্ৰায় অস্তিত্বহীন হৈ পৰিছিল । অসমৰ প্ৰায়বোৰ সমষ্টিতে গৰিয়া মৰিয়া দেশী আদি জনগোষ্ঠীৰ লোকসকল সিঁচৰিত হৈ আছে । কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে এই অৱহেলিত আৰু বঞ্চিত জনগোষ্ঠীসমূহৰ বাবে লোৱা ঐতিহাসিক পদক্ষেপে যেন এক আশাৰ বাৰ্তা কঢ়িয়াই আনিছে ।

সেয়েহে মুখ্যমন্ত্ৰীৰ ওচৰত সংগঠনটোৱে অন্যান্য জাতি-জনগোষ্ঠীৰ দৰে উক্ত জনগোষ্ঠীসমূহৰ হৃতমৰ্যাদা পুন‌:উদ্ধাৰৰ লগতে প্ৰতিটো জনজাতি জনগোষ্ঠীৰ লগত সমান্তৰালভাৱে আগুৱাই যোৱাৰ সুবিধা প্ৰদান কৰিবলৈ এই জনগোষ্ঠীসমূহৰ তদাৰকৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা এজন “অভিভাৱক/ তত্ত্বাৱধায়ক মন্ত্ৰী” নিযুক্ত দিবলৈ দাবী জনায় ।

Exit mobile version