বেঁকী নদীৰ গৰাখহনীয়া পৰিদৰ্শন বিধায়ক অখিল গগৈৰ

আমিনগাঁৱৰ পৰা বৰপেটা হৈ অভয়াপুৰীলৈ যোৱা ৰাজ্যিক ঘাইপথৰ জনীয়া সমষ্টিৰ অন্তৰ্গত শওঁপুৰত বেঁকী নদীৰ গৰাখহনীয়া আজি পৰিদৰ্শন কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷

সমগ্ৰ নামনি অসমৰ জীৱন ৰেখা স্বৰূপ ৰাজ্যিক ঘাইপথ আৰু বেঁকী নদীৰ ওপৰত থকা দলংখন নদীৰ গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীক ক্ষীপ্ৰতাৰে কাম কৰিবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে ৷

বিগত দুবছৰত নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম নকৰি নামনি অসমৰ প্ৰতি চৰকাৰখনৰ কোনো দায়বদ্ধতা নথকাৰ প্ৰমাণ দাঙি ধৰিছে বুলিও চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে গগৈয়ে ৷ বৰপেটাৰ সাংসদে লোকসভাত আৰু জনীয়া সমষ্টিৰ বিধায়কেও বিধানসভাৰ মজিয়াত এই স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হোৱা নাই বুলিও দোহাৰে ৷

বাঘবৰ সমষ্টিত এশ শতাংশ বাংলাদেশী মুছলমান বসবাস কৰে বুলি হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য‌ই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত অখিল গগৈয়ে কয় যে, শিলাদিত্য আৰ এছ এছৰ এখন মুখা আৰু বিজেপিয়ে মেলি দিয়া এটা ভয়ংকৰ প্ৰাণী ৷ শিলাদিত্য সম্প্ৰতি অপ্ৰাসংগিক আৰু শিলাদিত্যক সকলোৱে ঘৃণাৰ স’তে প্ৰত্যাখ্যান কৰিব লাগে ৷

Exit mobile version