গৰম যিমানে বঢ়িছে, সিমানে বাঢ়িছে অস্বস্তি । কিন্তু সাধাৰণ মানুহৰ তুলনাত ডায়েবিটিছ ৰোগীসকলৰ বাবে এই সময়খিনি অধিক কঠিন । বিশেষকৈ গ্ৰীষ্মকালত শৰীৰচর্চাৰ অভাৱ আৰু দৈনন্দিন জীৱনৰ নিয়ম মানি নচলা মধুমেহ ৰোগীসকলৰ বাবে একেবাৰে ভাল নহয় । লগতে পানীৰ নাটনি । ফলত ডায়েবিটিছ ৰোগীসকলৰ বাবে গ্ৰীষ্মকাল খুবেই বিপজ্জনক হ’ব পাৰে । কোন কোন বিষয়ত এই সময়ত অতিৰিক্ত সতর্ক হ’ব লাগিব ডায়েবিটিছ ৰোগীসকলে ।
১। পুষ্টি নিয়ন্ত্রণ : গৰমত বহু সময়তেই খোৱা-বোৱাৰ অনীহা দেখা দিয়ে । কিন্তু ডায়েবিটিছ ৰোগীসকলৰ শৰীৰত শক্তি সৰবৰাহকাৰী মেক্র’নিউট্রিয়েন্টবোৰৰ মাজত ভাৰসাম্য বজায় ৰখা অত্যন্ত জৰুৰী । ইয়াৰ ভিতৰত আছে কার্বহাইড্রেট, প্র’টিন আৰু ফেট । এবাৰতে খাব মন নগ’লে বাৰেবাৰে কম কম পৰিমাণে খাব পাৰে । এই সময়ছোৱাত তেল-মচলা জাতীয় খাদ্য পৰিহাৰ কৰাই বিচক্ষণতাৰ কাম । লগতে, ফাইবাৰ সমৃদ্ধ খাদ্য অধিক পৰিমাণে খাব লাগিব ।
২। শাৰীৰিক সক্রিয়তা : গৃষ্মকালত শৰীৰচর্চা কৰা সঁচাকৈয়ে অসুবিধাজনক । বিশেষ কৈ বাহিৰত ঘূৰি-ফূৰা অত্যন্ত শ্রমসাধ্য বিষয় হৈ পৰে এই সময়ত । সেয়ে চেষ্টা কৰক ঘৰৰ ভিতৰতেই শৰীৰচর্চা কৰাৰ । ১৫ মিনিটৰ পৰিমিত ব্যায়ামেও শর্কৰাৰ স্তৰক প্রভাৱিত কৰিব পাৰে । অৰ্থাৎ যিমানেই অলস লাগক, কম পৰিমাণে হ’লেও শৰীৰচর্চা কৰিবই লাগিব ।
৩। পর্যাপ্ত পানী খাওক : সুস্থ্য মানুহৰ তুলনাত ডায়েবিটিছ ৰোগীসকলৰ ‘ডিহাইড্রেছন’-ৰ শংকা অধিক । শৰীৰত পানীৰ নাটনি হ’লে শর্কৰাৰ ভাৰসাম্য হেৰুৱাৰ লগতে, বিভিন্ন খনিজ পদার্থৰ ভাৰসাম্যও হেৰফেৰ হয় । সেয়ে পৰিমিত পৰিমাণে পানী খোৱা আৱশ্যক । অৱশ্যে অধিক নৰম পানীয় তথা চাহ-কফি পান কৰা উচিত নহয় । ইয়াৰ ফলত জলশূন্যতাৰ শংকা আৰু বাঢ়ি যায় ।