UGC : কেন্দ্রীয় বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ স্তৰত নামভর্তিৰ বাবে এইবাৰ দিব লাগিব অভিন্ন প্রৱেশিকা

1652941049 ugc

বিতর্কৰ পৰিস্থিতিতেই কেন্দ্রীয় বিশ্ববিদ্যালয়বোৰত চলিত শিক্ষাবর্ষৰ পৰা স্নাতকোত্তৰ স্তৰত ভর্তিৰ বাবে অভিন্ন প্রৱেশিকা পৰীক্ষা (চিইউইটি) আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে বিশ্ববিদ্যালয় মঞ্জুৰি কমিছনে (ইউজিচি) । বৃহস্পতিবাৰে ইউজিচি-ৰ চেয়াৰমেন এম জগদেশ কুমাৰৰ এই কথা জনাই কয়, ‘‘জুলাইৰ তৃতীয় সপ্তাহত দেশজুৰি অভিন্ন প্রৱেশিকা পৰীক্ষা হ’ব ।’’

বৃহস্পতিবাৰৰ পৰাই স্নাতকোত্তৰত চিইউইটি পৰীক্ষাৰ বাবে অনলাইনত আবেদনপত্র লোৱা আৰম্ভ হ’ব আৰু ১৮ জুন পর্যন্ত চলিব জনাইছে জগদেশে । তেওঁ কয়, ‘‘এই পর্যন্ত কেন্দ্রীয় বিশ্ববিদ্যালয়বোৰচ স্নাতক স্তৰত ভর্তিৰ বাবে ১০ লাখ ৪৬ হেজাৰৰ অধিক আবেদন পাইছো আমি । স্নাতক স্তৰত ভর্তিৰ আবেদনৰ অন্তিম তাৰিখ ২২ মে’ । এই ক্ষেত্রত দ্বাদশ শ্রেণীৰ ব’র্ড পৰীক্ষাত পোৱা নম্বৰ নহয়, দেশৰ ৪৫টা কেন্দ্রীয় বিশ্ববিদ্যালয়ত ভর্তিৰ বাবে চিইউইটি পৰীক্ষাত প্রাপ্ত নম্বৰেই হ’ব একমাত্র মাপকাঠি ।’’

স্নাতক আৰু স্নাতকোত্তৰ স্তৰৰ শিক্ষাৰ্থীসকলৰ এটামাত্র পৰীক্ষাৰ মাধ্যমত দেশজুৰি থকা কেন্দ্রীয় বিশ্ববিদ্যালয়বোৰত যিকোনো বিষয়ত পঢ়াৰ সুযোগ কৰি দিবলৈ চিইউএটি পৰীক্ষা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্রীয় শিক্ষা মন্ত্রণালয়ত । ইয়াৰ ফলত দেশৰ যিকোনো প্রান্তৰ এজন শিক্ষাৰ্থী সম্পূর্ণ অন্য প্রান্তৰ এটা বিশ্ববিদ্যালয়ত পঢ়াৰ সুযোগ পাব । তামিলনাডুসহ একাধিক ৰাজ্য‌ই ইতিমধ্যে কেন্দ্রৰ এই পদক্ষেপৰ বিৰোধিতা কৰিছে ।

Exit mobile version