Weight Loss : নিৰোগী হ’ব বিচাৰে ? ওজন নিয়ন্ত্রণত ৰাখিবলৈ কোনবোৰ ফল খাব নালাগে

1652945778 new project 2022 05 19t130547 838

শৰীৰ সুস্থ ৰাখিবলৈ যিবোৰ খাদ্য অপৰিহার্য, তাৰ ভিতৰত অন্যতম হ’ল ফল‌ । স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰখাৰ লগতে শৰীৰৰ বৰ্ধিত মেদ কমাই ওজন নিয়ন্ত্রণত ৰাখিবলৈ ফলৰ বিকল্প নাই । চিকিৎসকসকলে শৰীৰ সুস্থ ৰাখিবলৈ বিভিন্ন প্রকাৰ বতৰৰ ফল খোৱাৰ পৰামর্শ দিয়ে । কিন্তু সম্প্রতি পুষ্টিবিদসকলে কৈছে, ওজন নিয়ন্ত্রণত ৰাখিবলৈ খাদ্য তালিকাৰ পৰা পৰিহাৰ কৰিব লাগিব কে’বাটাও ফল ।

ফলৰ দৰে স্বাস্থ্যকৰ খাদ্য খুব কমেই আছে । কিন্তু যিসকলে ওজন কমাই নিৰোগী হ’ব বিচাৰে, দ্ৰুত সুফল পাবলৈ নিত্য খাদ্যৰ পৰা বাদ দিব লাগিব কে’বাটাও ফল ।

নিৰোগী হ’বলৈ কোন কেইবিধ ফল খাব নালাগে ?

আপেল, বেৰী জাতীয় ফল, আম, আঙুৰ, এভকাডোৰ দৰে ফল পৰিহাৰ কৰাই ভাল । পুষ্টিবিদসকলৰ মতে, এই ফলবোৰত চেনিৰ পৰিমাণ অত্যাধিক । সেয়ে অন্যান্য ফলৰ তুলনাত এই ফলবোৰৰ স্বাদো মিঠা । একটা গোটা আমে প্রায় ৪৫ গ্রাম চিনি থাকে। এক কাপ আঙুৰত প্রায় ২৩ গ্রাম শর্কৰা থাকে ।

এভকাডোতো চেনিৰ পৰিমাণ প্রায় ১.৩৩ গ্রাম শর্কৰা । ওজন নিয়ন্ত্রণত ৰাখিবলৈ হয়।বপ্ৰথমে চেনি, মিঠা জাতীয় খাদ্য বাদ দিব লাগিব খাদ্য তালিকাৰ পৰা । সেয়ে অধিক পৰিমাণে চেনি থকা ফলে ওজন কমোৱাৰ পৰিৱৰ্তে বঢ়াবহে ।

ইয়াৰ উপৰি শ্বপিং মলৰ সুদৃশ্য মেৰিয়াই ৰখা ফল খোৱাটো বাধা আৰোপ কৰিছে পুষ্টিবিদসকলে । এই ধৰণৰ পেকেটজাত ফলত ফেট, লৱণ, চেনি অধিক পৰিমাণে থাকে । সেয়ে শৰীৰৰ যত্ন ল’বলৈ আৰু ওজন নিয়ন্ত্রণত ৰাখিবলৈ বজাৰৰ সতেজ ফলতেই ভৰসা ৰাখিবলৈ কৈছে পুষ্টিবিদসকলে ।

Exit mobile version