প্রথমটো দিনত কাৰাগাৰত খাদ্য নাখালে সিদ্ধুয়ে, শুব লগা হৈছে চিমেণ্টৰ বিছনাত

sihu

কয়দী হিচাবে কাৰাগাৰৰ জীৱন আৰম্ভ কংগ্ৰেছ নেতা নৱজ্যোৎ সিং সিদ্ধুৱৰ ।নেতাজনক অনিচ্ছাকৃত হত্যাৰ গোচৰত এবছৰৰ সশ্ৰম কাৰাদণ্ড দিয়া হৈছে। কাৰাগাৰৰ প্ৰথম দিনাই খাদ্য খাবলৈ অস্বীকাৰ কৰিলে সিদ্ধুয়ে।

ADVERTISEMENT

তথ্য অনুসৰি ১০ টা বেৰেকত ৰখা হ’ব। আনহাতে তাত সিদ্ধুৰ স’তে থাকিব হত্যাৰ বাবে দোষী সাব্যস্ত হোৱা আঠজন লোক । লগতে শুব লাগিব চিমেণ্টেৰে নিৰ্মিত বিচনাত ।

কংগ্ৰেছ নেতাজনক কাৰাগাৰত প্ৰৱেশ কৰাৰ লগে লগে চাৰিটা কুৰ্তা আৰু পায়জামা দিয়া হৈছিল।লগতে দিয়া হৈছে দুটা পাগুৰি, এখন কম্বল, তিনিটা অন্তৰ্বাস, দুখন টাৱেল, এখন আঁঠুৱা, এখন বহি আৰু কলম, এযোৰ জোতা, দুখন বিচনা চাদৰ আৰু দুটা গাৰুৰ কভাৰ ।

কাৰাগাৰৰ নিয়ম অনুসৰি, তেওঁ প্ৰথম দিনা ৫:৩০ বজাত উঠিব লগা হয় । পুৱা সাত বজাত, আন কয়েদীসকলৰ স’তে সিদ্ধুক চাহ আৰু বিস্কুটৰ খাব দিয়া হয়।

ৰাতি ৮.৩০ বজাত ছয়টা ৰুটি, আৰু পাচলি দিয়া হয়। তথ্য অনুসৰি সেই খাদ্য গ্ৰহণ কৰা নাই সিদ্ধুৱে । তাৰ পৰিৱৰ্তে, তেওঁ কেৱল চালাড আৰু ফল খাইছে।

তেওঁৰ উকীলে জনাইছে যে চিকিৎসকসকলে লিভাৰৰ সমস্যাৰ বাবে তেওঁক ঘেঁহুৰে তৈয়াৰী খাদ্য খাবলৈ নিষেধ কৰিছে। সেইকাৰণে সিদ্ধুৱে কাৰাগাৰৰ খাদ্য খাব নিবিচাৰিছিল।

নিয়ম অনুসৰি, কাৰাগাৰৰ ভিতৰত সন্ধিয়া ৫.৩০ বজালৈকে কাম কৰি ছয় বজাত খাদ্য গ্ৰহণ কৰি সাত বজাত নিজৰ চেলত প্ৰৱেশ কৰিব লাগিব।

তথ্য অনুসৰি পঞ্জাৱৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতিজনে বৰ্তমানৰ বাবে তিনি মাহৰ কামৰ বাবে কোনো পাৰিশ্ৰমিক নাপাব। তেওঁ দৰমহা অবিহনে দিনে আঠ ঘণ্টা কাম কৰিব লাগিব।

তাৰ পাছত লাহে লাহে তেওঁক টকাখিনি পৰিশোধ কৰা হ’ব। বন্দীসকলে কঠোৰ কাৰাবাসত প্ৰতিদিনে ৩০ ৰ পৰা ৯০ টকা উপাৰ্জন কৰে।

প্ৰসংগত, সিদ্ধুৱে ১৯৮৮ চনৰ ২৭ ডিচেম্বৰত গুৰনাম সিং নামৰ এজন ব্যক্তিৰ মূৰত আঘাত কৰিছিল। গুৰনামৰ তেতিয়া মৃত্যু হয়। সিদ্ধুৰ বিৰুদ্ধে হত্যাৰ এটা গোচৰ ৰুজু কৰা হৈছিল।

প্ৰাক্তন ক্ৰিকেটাৰ আৰু পঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনক অৱশেষত গোচৰটোত দোষী সাব্যস্ত কৰা হয়। তেওঁক এবছৰৰ সশ্ৰম কাৰাদণ্ড দিয়া হয়।

তেওঁ শুক্ৰবাৰে পাটিয়ালা আদালতত আত্মসমৰ্পণ কৰে। বৰ্তমানৰ বাবে, তেওঁ পাটিয়ালা কাৰাগাৰৰ ২৪১৩৮৩ নম্বৰ এজন কয়দী।

Exit mobile version