হঠা‌ৎ জুই লাগিল ৯০০কোটিৰ নিৰ্মীয়মাণ সংসদ ভৱনত ,

1653125830 perliament house

হঠাতে জুই লাগিল নতুন দিল্লীৰ নতুন সংসদ ভৱনত । কেন্দ্ৰীয় ৰাজহুৱা নিৰ্মাণ মন্ত্ৰালয়ৰ মতে, শনিবাৰে নিশা প্ৰায় ১২.৩৫ বজাত কেন্দ্ৰীয় ভিষ্টা অঞ্চলৰ অন্তৰ্গত সংসদ ভৱনত এটা “সৰু”অগ্নিকাণ্ড সংঘটিত হয়।

ADVERTISEMENT

খবৰ পাইয়ে ঘটনাস্থলীত আহি উপস্থিত হয় অগ্নি নিৰ্বাপক বিভাগৰ ইঞ্জিন । অৱশ্যে, ইয়াৰ আগতে কেন্দ্ৰীয় ভিষ্টা প্ৰকল্পৰ কৰ্মচাৰীৰ সহায়ত জুই নিয়ন্ত্ৰণলৈ অনা হৈছিল বুলি জনাইছে অগ্নি নিৰ্বাপক বিষয়াসকলে ।

প্ৰসংগত, ৰাষ্ট্ৰপতি ভৱনৰ পৰা ইণ্ডিয়া গেটলৈ ৰাজপথৰ দুয়োফালৰ এলেকাসমূহত নিৰ্মাণ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে ২০হেজাৰ কোটি টকাৰ কেন্দ্ৰীয় ভিষ্টা প্ৰকল্প হাতত লৈছে মোদী চৰকাৰে ।

ইয়াৰ ভিতৰত, নতুন সংসদ ভৱনটো প্ৰায় ৯০০ কোটি ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। ইয়াৰ ওচৰত নতুন কেন্দ্ৰীয় সচিবালয় নিৰ্মাণ কৰা হৈছে।

Exit mobile version