হজমৰ বাবে নিয়মিত আমলখি খাই ? এই অভ্যাসৰ বাবে কাৰ সমস্যা হ’ব পাৰে !

Amla benefits 898

প্ৰতিদিনে ৰাতিপুৱা খালী পেটত এটা আমলখি । শতাব্দীপ্ৰাচীন এই আয়ুৰ্বেদিক উপায়ত বহুতো গুণ আছে ! চৰ্দি কাহ বহুত দুৰৰে কথা, আনকি শৰীৰক বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা সুৰক্ষিত কৰে আমলখিয়ে ।

ভিটামিন চি সমৃদ্ধ হোৱাৰ বাবে, ই শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰাত সহায় কৰে।

কিন্তু অত্যাধিক মাত্ৰাত আমলখি খালে হ’ব পাৰে বিপৰীত । কাৰ বাবে আমলখি খোৱা একেবাৰেই ভাল নহয়, জানেনে ?

(১) শৰীৰত অত্যাধিক ভিটামিন চি-ৰ উপস্থিতিয়ে বদহজমহোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। যিসকলৰ বুকুজ্বলাৰ সমস্যা অতি বেছি, তেওঁলোকে নিয়মীয়াকৈ খালে সমস্যাটো বৃদ্ধি হোৱাৰ আশংকা থাকে ।

(২) আমলখিত আছে এণ্টিপ্লেটলেট শক্তি । ইয়াৰ প্ৰভাৱত, তেজ গোট মৰাৰ আশংকা হ্ৰাস হয়। ফলত, ই হৃদৰোগ থকা লোকসকলৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু এপ্লাষ্টিক ৰক্তহীনতা, লিউকেমিয়াত ভুগি থকা ৰোগীসকলে তেজ পাতল হোৱাৰ সমস্যাত ভুগিব লগা হয়, তেওঁলোকৰ বাবে আমলখি নোখোৱাই ভাল। তেনে ক্ষেত্ৰত, তেজ পাতল হোৱাৰ আশংকা থাকে। সাধাৰণ কাটিলেও ৰক্তক্ষৰণ বন্ধ কৰাত সমস্যা হ’ব পাৰে।

(৩) যিকোনো অস্ত্ৰোপচাৰ কৰাৰ আগতে আমলখি খোৱা বন্ধ কৰাই ভাল। কাৰণ সেই একেই। ৰক্তক্ষৰণ বন্ধ নোহোৱাৰ আশংকা থাকে। যদি অস্ত্ৰোপচাৰৰ পাছত ৰক্তক্ষৰণ বন্ধ নহয়, টিছু হাইপোক্সেমিয়াৰ দৰে সমস্যা হ’ব পাৰে।

(৪) আমলখিয়ে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। সেয়েহে, যিসকলৰ ৰক্ত শৰ্কৰাৰ পৰিমাণ কম, তেওঁলোকে আমলখি খাব নালাগে।

(৫) গৰ্ভধাৰণৰ সময়ত, বহুলোকে মুঠিয়ে মুঠিয়ে আমলখি খায়। কিন্তু সেইটোও এটা সমস্যা হ’ব পাৰে। অত্যাধিক আমলখি খালে বমি, ডায়েৰিয়া, পেট বেয়া কৰিব পাৰে। গৰ্ভাৱস্থাৰ সময়ত এনে পৰিস্থিতি সৃষ্টি নকৰাই ভাল। এই ক্ষেত্ৰত, কোষ্ঠকাঠিন্যৰ সমস্যাও বৃদ্ধি হ’ব পাৰে।

Exit mobile version