Lemon tea benefits : কেৱল ওজন কমাবলৈ নহয়, ছাল আৰু চুলিৰ পৰিচর্যাৰ বাবেও নিতৌ খাওক নেমু চাহ

weight loss 01 thumb1579869427

আপুনি নিজৰ ওজনক লৈ সচেতন নে ? গাখীৰ-চেনিৰে চাহৰ পৰিৱর্তে নেমু চাহেৰে দিন আৰম্ভ কৰে ? মেদ কমাবলৈ এই অভ্যাসৰ ওপৰতেই ভৰসা ৰাখে অনেকে । কোনো কোনোৱে আকৌ কামৰ মাজতে একাধিকবাৰ নেমু চাহ খায় ।

সুস্বাস্থ্যৰ লগতে নেমু চাহ ছাল আৰু চুলিৰ বাবেও বেচ উপকাৰী । ভাবি চাইছেনে, ছালৰ পৰিচর্যাত কেনেদৰে কাম কৰে চাহে ?

নেমুত থকা ভিটামিন চি আৰু অন্যান্য এন্টিঅক্সিডেন্টে ছালত পৰা ৰেখা দূৰ কৰাত সহায় কৰে । নেমুৰ এই গুণে বেক্টেৰিয়া ৰোধ কৰি ব্রণ, ফেচকুৰিৰ সমস্যাও সমাধান কৰে । তেজ পৰিষ্কাৰ ৰাখি ছালৰ দাগ নোহোৱা কৰিবলৈও নিয়মিত খাব পাৰে নেমু চাহ । শৰীৰৰ পৰা অপ্রয়োজনীয়, ক্ষতিকাৰক পদার্থ ওলিৱাত সহায় কৰে নেমু চাহে । ফলত লিভাৰো ভালে থাকে ।

চুলিৰ পৰিচর্যাত কিদৰে কামত আহে নেমু চাহ ?

নেমু চাহ খোৱা চুলিৰ পৰিচর্যাৰ বাবেও বেচ উপকাৰী । নেমুত থকা প্রচুৰ পৰিমাণৰ ভিটামিন আৰু খনিজ পদাৰ্থ‌ই ছালৰ ৰুক্ষতাৰ সমস্যা নিয়ন্ত্রণ কৰাত সহায় কৰে । চুলিৰ গুৰি শক্তিশালী কৰি, চুলি সৰাৰ সমস্যা ৰোধ কৰে ।

Exit mobile version