Noida Airport : বিমানবন্দৰ নিৰ্মাণ কৰাত পলম হ’লে প্রতি দিনে ১০ লাখ জৰিমনা ! সকীয়নি উত্তৰ প্রদেশৰ মন্ত্রীৰ

1653210250 yogi

পলম হ’লেই জৰিমনা । সেই অংক খুব এটা কমো নহয় । যিমান পলম হ’ব, প্ৰতি দিনে জৰিমনা দিব লাগিব ১০ লাখ টকা ! নয়ডা আন্তর্জাতিক বিমানবন্দৰ নির্মাণকাৰী সংস্থাক সকীয়নি দিলে উত্তৰ প্রদেশৰ উদ্যোগোন্নয়ন মন্ত্রী নন্দগোপাল গুপ্ত‌ই ।

পশ্চিম উত্তৰ প্রদেশৰ গৌতমবুদ্ধ নগৰ জিলাৰ জেৱাৰ অঞ্চলত গঢ়ি তোলা হৈছে গ্রিনফিল্ড বিমানবন্দৰ । পাঁচ হেজাৰ একৰ অঞ্চল জুৰি জেৱাৰৰ এই বিমানবন্দৰটো নিৰ্মাণ কৰিছে জুৰিখ আন্তর্জাতিক বিমানবন্দৰ কর্তৃপক্ষ‌ই । এইটো নিৰ্মাণ কৰিবলৈ ব্যয় হ’ব প্রায় ২৯ হেজাৰ ৫৬০ কোটি টকা ।

২০১৯-ৰ নৱেম্বৰত ছুইচ এয়াৰপ’র্ট সংস্থা কামৰ আবণ্টন পায় । ৰাজ্য চৰকাৰৰ স’তে যৌথ উদ্যোগত এইটো নিৰ্মাণ হোৱাৰ কথা । চৰকাৰৰ দাবী, নির্মাণ সম্পূর্ণ হ’লে নয়ডাৰ এই বিমানবন্দৰেই হ’ব বিশ্বৰ চতুর্থ বৃহত্তম ।

নয়ডা আৰু গ্রেটাৰ নয়ডাত দুদিনৰ ভ্ৰমণত গৈছিল মন্ত্রী । তাত গৈয়েই যমুনা এক্সপ্রছটো ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট অথৰিটি (ৱাইইআইডিএ) আৰু নয়ডা ইন্টাৰনেছনেল এয়াৰপ’র্ট লিমিটেড (এনআইএএল) কর্তৃপক্ষৰ স’তে কামৰ অগ্রগতিক লৈ বৈঠকত মিলিত হৈছিল মন্ত্রী নন্দগোপাল । তাতেই তেওঁ এই সকীয়নি দিয়ে ।

Exit mobile version