Weight Loss Trick : কোন ৰঙৰ থালীত খাদ্য গ্ৰহণ কৰিলে দ্রুত ওজন কমে ? এই পন্থাক লৈ পুষ্টিবিদসকলৰ কি মত

42737569 fresh organic super food salad sitting on blue plate with fork on side

অতিৰিক্ত ওজনৰ বাবে গুৰুতৰ ৰোগ হ’ব পাৰে । সেয়ে সুস্থ থাকিবলৈ বহু লোকে এতিয়া অতিৰিক্ত ওজন কমাব বিচাৰিছে । ওজন কমোৱাৰ কথা ক’লে প্রথমতেই মনত আহে খাদ্যাভ্যাস নিয়ন্ত্রণ কৰাৰ কথা । কিন্তু খোৱা-বোৱা নিয়ন্ত্রণ কৰা মুঠেই সহজ নহয় । অৱশ্যে বিশেষজ্ঞসকলৰ একাংশ‌ই কয়, যিসকলে খোৱা-বোৱা নিয়ন্ত্ৰণত ৰাখিব বিচাৰিছে তেওঁলোকৰ ক্ষেত্রত কামত আহিব পাৰে কিছু মনস্তাত্ত্বিক কৌশল ।

বিশেষজ্ঞসকলৰ একাংশ‌ই কয়, নীলা ৰঙৰ থালীত খালে খোৱাৰ ইচ্ছা কমি যায় । অবিশ্বাস্য যেন লাগিলেও কিন্তু বিষয়টোৰ বৈজ্ঞানিক ব্যাখ্যাও আছে । মানুহে যি ধৰণৰ খাদ্য খায়, তাত নীলা ৰঙৰ খাদ্যৰ সংখ্যা নিচেই কম । সেয়ে এই ৰঙৰ থালীত খালে খোৱাৰ ইচ্ছা কমি যাব পাৰে । আনহাতে, হালধীয়া, সেউজীয়া আৰু ৰঙা ৰঙে খোৱাৰ ইচ্ছা বঢ়ায় দিয়ে ।

কেৱল পাত্রৰ ৰঙে নহয়, আশ-পাশৰ গোন্ধ‌য়ো প্রভাৱ পেলায় খোৱাৰ পৰিমাণৰ ওপৰত । বিশেষজ্ঞসকলৰ দাবী, চাৰিওপাশে ভেনিলাৰ গোন্ধ থাকিলে ভোক কমি যায় । কোনো কোনোৰ মতে আকৌ আয়নাৰ সামগ্ৰীত বহি খাদ্য গ্ৰহণ কৰিলেও খোৱাৰ অভিৰুচি কমি যায় । অৱশ্যে এই বিষয়বোৰক লৈ মতান্তৰৰ শেষ নাই । সেয়ে কোনো এটা পদ্ধতিক ধ্রুৱ সত্য হিচাপে নলৈ মজাৰ বিষয় হিচাপে লোৱাই বিচক্ষণতাৰ পৰিচয় ।

Exit mobile version