ৰাজ্যত নাৰীৰ বিৰুদ্ধে অপৰাধ দুগুণ বৃদ্ধি

women crime

২০২০ বৰ্ষত মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত ১৫৪.৩ শতাংশ হাৰে দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰা অসমত ২০২১ বর্ষতো অভিলেখ সংখ্যক নাৰীজনিত অপৰাধ সংঘটিত হোৱাৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। অসম আৰক্ষীৰ শীৰ্ষ সূত্ৰই সদৰী কৰা অনুসৰি, ২০২০ৰ্ত ৰাজ্যত ২১,৯১৪টা মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিত হৈছিল।

ইয়াৰ ১,৭৩৬টা ধর্ষণ, ৫৩টা নাৰী সৰবৰাহ, ১২৪টা যৌতুকজনিত হত্যা, ৪,৭৯২টা অপহৰণ আৰু ১১,৩৮৯টা স্বামী নিৰ্যাতনৰ ঘটনা আছিল। দেশৰ ভিতৰতে নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত শীর্ষস্থান দখল কৰা তথা ২০২০ৰ এই অপৰাধৰ সংখ্যাক চেৰ পেলাই ২০২১ৰ পহিলা জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈ ৰাজ্যত অভিলেখ সংখ্যক নাৰীজনিত অপৰাধ সংঘটিত হোৱাৰ তথ্য অসম আৰক্ষীৰ বছৰেকীয়া প্ৰতিবেদনত পোহৰলৈ আহিছে।

অসম আৰক্ষীৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি, ২০২০ৰ তুলনাত ২০২১ত ৰাজ্যত ধৰ্ষণ আৰু নাৰী-যুৱতী অপহৰণৰ ঘটনা দুগুণ বৃদ্ধি পাইছে। একেদৰে বিগত বৰ্ষত ৰাজ্যত নাৰী সৰবৰাহৰ ঘটনা চাৰিগুণলৈ বৃদ্ধি পায়। ইয়াৰ উপৰি যৌতুকজনিত হত্যা, স্বামীৰ দ্বাৰা নিৰ্যাতনৰ ঘটনাও পূর্বৰ তুলনাত বৃদ্ধি পায় বুলি তথ্য দাঙি ধৰি সূত্ৰটোৱে কয়, ‘২০২০ত ৰাজ্যত ১,৭৩৬টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল আৰু ২০২১ত এই ঘটনা ৩,৭৪৭ টালৈ বৃদ্ধি পালে।

একেদৰে ২০২০ত ৰাজ্যখনত ৪,৭৯২টা নাৰী-যুৱতী অপহৰণৰ ঘটনা সংঘটিত হৈছিল যদিও এই অপৰাধ ২০২১ত ৭,৬৯১টালৈ বৃদ্ধি পায়। ২০২০ৰ ৫৩ টা নাৰী সৰবৰাহৰ বিপৰীতে ২০২১ত ২১৮টা, ১২৪টা যৌতুকজনিত হত্যাৰ বিপৰীতে বিগত বৰ্ষত ১৩৫টালৈ বৃদ্ধি পায়।

ইয়াৰ উপৰি ২০২০৩ ৰাজ্যত ১১,৩৮৯টা স্বামীৰ দ্বাৰা নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছিল আৰু বিগত বৰ্ষত এই ঘটনা ১৪,৪৫২টালৈ বৃদ্ধি পালে।’ সূত্ৰত প্ৰকাশ যে বিজেপি চৰকাৰৰ কাৰ্যকালত অর্থাৎ ২০১৬ৰ পহিলা জানুৱাৰীৰ পৰা ২০২১ৰ ৩১ ডিচেম্বৰলৈ ধৰ্ষণ, সৰবৰাহ, যৌতুজনিক মৃত্যু, স্বামীৰ দ্বাৰা নিৰ্যাতন আৰু নাৰী-যুৱতী অপহৰণৰ ১,২০,৯২৬ টা অপৰাধ সংঘটিত হৈছে।

তথ্য অনুসৰি, যোৱা ছবছৰত ৰাজ্যত ১২,৮৩১টা ধৰ্ষণ, ৫৩৪ টা নাৰী সৰবৰাহ, ৮৯৭টা যৌতুকজনিত মৃত্যু আৰু ৩৫,৬০৩টা নাৰী অপহৰণৰ ঘটনা সংঘটিত হৈছে। উল্লেখ্য যে এই ছটা বছৰত ৰাজ্যত অভিলেখ সংখ্যক ৭১,০৬১টা স্বামীৰ দ্বাৰা নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে বুলি আৰক্ষী সূত্ৰই সদৰী কৰি নাৰীজনিত অপৰাধৰ গ্ৰাফডাল প্ৰতিবছৰে উচ্চ স্তৰলৈ গতি কৰিছে বুলি আঙুলিয়াই দিয়ে। ফলস্বৰূপে চলিত বৰ্ষতো মহিলা অপৰাধৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰাৰ সম্ভাৱনা ব্যক্ত কৰে আৰক্ষী সূত্ৰটোৱে।

Exit mobile version