Kedarnath Yatra : কেদাৰনাথ যাত্রা স্থগিত, তীব্ৰ বৃষ্টিপাতৰ সতর্কতা জাৰি

91370194

দুদিন তীব্ৰ বৃষ্টিপাতৰ সতর্কতা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে । কমলা সতর্কতাও জাৰি কৰা হৈছে । এনে পৰিস্থিতিত কোনো ধৰণৰ সমস্যাত পৰিব বিচৰা নাই উত্তৰাখণ্ড চৰকাৰে । সেয়ে কেদাৰনাথ যাত্রা স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে তেওঁলোকে ।

ৰুদ্রপ্রয়াগৰ চিঅ’ প্রমোদ কুমাৰে জনাইছে, যিসকল পুণ্যার্থীয়ে খোজকাঢ়ি কেদাৰনাথ যাত্ৰা কৰিছে তেওঁলোকক সম্প্ৰতি নিষেধাজ্ঞা আৰোপ কৰা হৈছে । হোটেললৈ উভতি যোৱাৰ পৰামর্শ দিয়া হৈছে । তেওঁ কয়, “দুদিন তীব্ৰ বৃষ্টিপাতৰ সতর্কতা জাৰি কৰা হৈছে । গুপ্তকাশীৰ পৰা অহা পাঁচ হেজাৰ পুণ্যার্থীক বাধা দিয়া হৈছে । হেলিকপ্টাৰ সেৱাও বন্ধ ৰখা হৈছে ।”

সোমবাৰে পুৱাৰ পৰা ৰুদ্রপ্রয়াদত তাপমাত্রা নামিব লৈছে । দেওবাৰে তুষাৰপাতো হৈছে । চৰম বতৰৰ মাজতো পুণ্যার্থীসকলৰ ঢল কমা নাই । তেনে সময়তে দুদিন বৃষ্টিপাতৰ সতর্কতা জাৰি কৰাত পৰিস্থিতি অধিক শোচনীয় হ’ব পাৰে । সেয়ে আগতীয়াকৈ কেদাৰনাথ যাত্রা স্থগিত ৰখাৰ সিদ্ধান্ত ল’লে উত্তৰাখণ্ড চৰকাৰে ।

Exit mobile version