Navjot Sidhu : কাৰাগাৰৰ দালি-ৰুটি নাখায় সিধুৱে, কি খাব তাৰ সিদ্ধান্ত ল’বলৈ লৈ যোৱা হ’ল হাস্পাতাললৈ

1653295742 sidhu

অনিচ্ছাকৃত হত্যাৰ গোচৰত কাৰাদণ্ড হোৱাৰ পাছত প্রথম নিশা মুখত একো দিয়া নাছিল নভজোৎ সিং সিধুৱে । পটিয়ালা জেল সূত্রে খবৰ, শনিবাৰে তেওঁক দালি-ৰুটি খাবলৈ দিয়া হৈছিল । কিন্তু সেইটোও গ্ৰহণ কৰা নাছিল কংগ্রেছ নেতাজনে । দৈনন্দিন ঔষধৰ বাহিৰে তেওঁ একো খোৱা নাছিল । ফলত, তেওঁক সোমবাৰে পুৱা পটিয়ালাৰ ৰাজেন্দ্র হাস্পাতালত লৈ যোৱা হয় ।

কাৰাগাৰ সূত্রে খবৰ, হাস্পাতালত তেওঁৰ শাৰীৰিক পৰীক্ষা হ’ব । ইয়াৰ বাবে এটা মেডিকেল ব’র্ডো গঠন কৰা হৈছে । তেওঁলোকে সিধুৰ ডায়েট চার্ট তৈয়াৰ কৰিব ।

এগৰাকী বিষয়াই কয়, ‘‘সিধুৰ বাবে যদি চিকিৎসকসকলে বিশেষ কোনো পথ্যৰ আবেদন কৰে তেন্তে, সেইবোৰ কাৰাগাৰৰ কেন্টিনৰ পৰা তেওঁক কিনি খোৱাৰ অনুমতি দিয়া হ’ব পাৰে ।’’

মেডিকেল ব’র্ডৰ চিকিৎসকসকলে সিধুৰ ডায়েট চার্ট তৈয়াৰ কৰি পটিয়ালাৰ স্থানীয় আদালতত জনাব । সেই অনুযায়ী খাদ্য পাব কংগ্রেছ নেতাই ।

তেওঁৰ অধিবক্তাই কয়, ‘‘সিধুৱে গম, চেনি, ময়দা জাতীয় শর্কৰাযুক্ত খাদ্য খাব নোৱাৰে । তেওঁক অমিতা, মধুৰি, ডবল-ট’ণ্ড গাখীৰ আৰু এনে খাদ্য দিব লাগিব য’ত শর্কৰা নাই ।

অনিচ্ছাকৃত হত্যাৰ এটা গোচৰত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত সিধুৰ এবছৰৰ কাৰাদণ্ড ঘোষণা কৰি শীঘ্ৰে আত্মসমর্পণৰ নির্দেশ দিছিল । কিন্তু তেওঁৰ অধিবক্তা অভিষেক মনু সিংঘভিয়ে শুকুৰবাৰে পুৱা শীর্ষ আদালতত আত্মসমর্পণৰ বাবে এসপ্তাহৰ সময় দিয়াৰ আবেদন জনাইছিল । অৱশ্যে সেই শুনানি শেষ হোৱাৰ আগতেই মত পৰিৱৰ্তন কৰি শুকুৰবাৰে সন্ধিয়া পটিয়ালা আদালতত আত্মসমর্পণ কৰে সিধুৱে । আদালতে তেওঁক কাৰাদণ্ডত প্ৰেৰণ কৰাৰ নির্দেশ দিয়ে ।

Exit mobile version