Steel Share Price Fall : শ্বেয়াৰ বজাৰত নিম্নমুখী টাটা ষ্টিল, JSW, SAIL; নেপথ্যত কেন্দ্রৰ ঘোষণা ?

download 9

আজি দুপৰীয়া এক বাজি ১৫ মিনিটত টাটা ষ্টিলৰ শ্বেয়াৰ দৰ আছিল বিগত ছেছনৰ তুলনাত ১৪৩ টকা ৯০ প‌ইচা বা ১২.৩১ শতাংশ কম । ইয়াৰ ফলত টাটা ষ্টিলৰ শ্বেয়াৰ প্ৰতি দাম হয় ১০২৬ টকা ৬৫ প‌ইচা ।

ADVERTISEMENT

ইপিনে আজি ষ্টিল অথৰিটি অৱ ইণ্ডিয়াৰ শ্বেয়াৰ দৰ ১০.২৪ শতাংশ বা আঠ টকা ৫০ প‌ইচা কমি যায় বিগত ছেছনৰ তুলনাত । ইয়াৰ ফলত SAIL-ৰ শ্বেয়াৰ দৰ হয় ৭৪ টকা ৬০ প‌ইচা ।

জেএছডব্লিউৰ ষ্টিলৰ শ্বেয়াৰ আজি ওপৰৰ পৰা ১২ খাপ নামি যায় । অর্থাৎ বিগত ছেছনৰ তুলনাত ১২.৫০ শতাংশ বা ৭৮ টকা ৯০ প‌ইচা কমি যায় এই সংস্থাৰ শ্বেয়াৰৰ দৰ । ইয়াৰ ফলত জেএছডব্লিউ ষ্টিলৰ দৰ হয় ৫৫২ টকা ২০ প‌ইচা ।

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰামনে জনাইছে, লোহা আৰু ইস্পাতৰ দাম কমাবৰ বাবে কেঁচামাল আৰু অন্যান্য প্রয়োজনীয় সামগ্ৰীৰ ওপৰত আমদানি শুল্ক কমোৱা হৈছে। কেঁচামালৰ আমদানি কমোৱাৰ লগতে কে’বাটাও ক্ষেত্রত বৃদ্ধি কৰা হ’ব ৰপ্তানি শুল্ক ।

বিজ্ঞপ্তি জাৰি কৰি কেন্দ্রৰ তৰফৰ পৰা জনোৱা হয়, কোক কয়লা আৰু এনথ্রাছাইট কয়লাৰ ওপৰৰ পৰা সম্পূৰ্ণ আমদানি শুল্ক তুলি লোৱা হৈছে । আগতে এনথ্রাছাইট কয়লাৰ আমদানি শুল্ক আছিল ২.৫ শতাংশ । ইপিনে, ছেমি-কোক কয়লাৰ আমদানি শুল্ক পাঁচ শতাংশৰ পৰা কমাই শূন্য কৰা হৈছে । ফেৰোনিকেলৰ (লোহা আৰু নিকেলল সংকৰ ধাতু) আমদানি শুল্ক ২.৫ শতাংশৰ পৰা শূন্যত নমাই অনা হৈছে । দেশীয় বজাৰত লৌহ আকৰিকৰ জোগান বঢ়াবলৈ এটা সামগ্রীত ৰপ্তানি শুল্ক বঢ়োৱা হৈছে ।

Exit mobile version