Sri Lanka Petrol Price Hike : পে’ট্ৰল লিটাৰ ৪২০, ডিজেল ৪০০ টকা ,শ্ৰীলংকাত ইন্ধনত লাগিছে জুই

1653380231 srilanka

ৰাজনৈতিক অস্থিৰতাৰ জুই জ্বলিছে শ্ৰীলংকাত । অৰ্থনৈতিক সংকটৰ ফলতো জুই লাগিছে । ইয়াৰ মাজতে ইন্ধনৰ মূল্যও অভিলেখত গঢ়িলে ভাৰতৰ দক্ষিণ দ্বীপৰাষ্ট্ৰখনত ।

মঙলবাৰে শ্ৰীলংকাৰ প্ৰশাসনে পেট্ৰ’লৰ মূল্য ২৪.৩ শতাংশ বৃদ্ধি কৰিছে। ডিজেলৰ মূল্য বৃদ্ধি পাইছে ৩৮.৪ শতাংশ । দেশখনৰ অৰ্থনৈতিক বিশেষজ্ঞসকলৰ মতে শ্ৰীলংকাত ইন্ধনৰ মূল্য আগতে কেতিয়াও ইমান বৃদ্ধি হোৱা নাছিল।

বিগত ১৯ এপ্ৰিলৰ পাছৰ পৰা এইটো দ্বিতীয় বাৰ ইন্ধনৰ মূল্য বৃদ্ধি পালে শ্ৰীলংকাত । নতুন বৃদ্ধিৰ ফলত, এতিয়া শ্ৰীলংকাত যি অক্টেন ৯২ পেট্ৰ’ল আটাইতকৈ অধিক ব্যৱহাৰ কৰে মানুহে ,তাৰ মূল্য হ’ল লিটাৰ ৪২০ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৪০০ টকা হৈছে।

দেশৰ অৰ্থনৈতিক সংকটৰ মাজতে শ্ৰীলংকা ইন্ধনৰ দাম বৃদ্ধি বঢ়োৱাৰ বাবে এই সিদ্ধান্ত লৈছে দেশৰ ইন্ধন নিয়ন্ত্ৰণ সংস্থা চিলন পেট্ৰ’লিয়াম কৰ্পোৰেচন । তেওঁলোকৰ সিদ্ধান্তৰ লগে লগে পেট্ৰ’লৰ মূল্য এবাৰতে ৮২ টকা আৰু ডিজেলৰ মূল্য ১১১ টকা বৃদ্ধি কৰা হৈছিল।

শ্ৰীলংকাৰ শক্তি মন্ত্ৰী কাঞ্চনা ৱিজেচাকাৰাই টুইটাৰত জনাইছে, নতুন মূল্য মঙলবাৰে আবেলি তিনি বজাৰ পৰা কাৰ্যকৰী হ’ব। লগতে তেওঁ জনাই যে ইন্ধনৰ মূল্য বৃদ্ধি শ্ৰীলংকাৰ কেবিনেটৰ দ্বাৰা অনুমোদিত হৈছে। একে সময়তে, ইন্ধনৰ মূল্য বৃদ্ধি লগতে বৃদ্ধি পাইছে অন্যান্য সামগ্ৰী, সেৱা আৰু বাহনৰ ভাড়াৰ মূল্য ।

শ্ৰীলংকাৰ অৰ্থনীতিবিদসকলে আকাশচুম্বী ইন্ধনৰ মূল্যৰ আঁৰত যোগানৰ অভাৱক দোষাৰোপ কৰিছে। যোৱা কিছুদিনৰ পৰা, এই ইন্ধন সংকটৰ বাবে শ্ৰীলংকাৰ বিভিন্ন পেট্ৰ’ল পাম্পত ক্ৰেতাসকলৰ দীঘলীয়া শাৰীৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।

শ্ৰীলংকাৰ এই পৰিস্থিতিত শ্ৰীলংকাৰ ব্যৱসায় ইণ্ডিয়ান অইল কৰ্পোৰেচনতো তেলৰ মূল্য বৃদ্ধি পাইছে। তেওঁলোকে জনাই যে তেওঁলোকে চৰকাৰৰ নিৰ্দেশ অনুসৰি ৪২০ টকাত পেট্ৰ’ল আৰু ৪০০ টকাত ডিজেল বিক্ৰী কৰি আছে।

ইফালে, ইন্ধনৰ মূল্য বৃদ্ধিৰ বাবে শ্ৰীলংকাৰ অটো ৰিক্সাচালকসকলে জনাই যে এতিয়াৰ পৰা অটোত প্ৰথম এক কিলোমিটাৰ যাত্ৰাৰ বাবে নিম্নতম ৯০ টকাৰ ভাড়া পৰিশোধ কৰিব লাগিব।

তাৰ পাছত প্ৰতি কিলোমিটাৰত ৮০ টকাকৈ যাত্ৰীয়ে পৰিশোধ কৰিব লাগিব। বহুতো কোম্পানীয়ে তেওঁলোকৰ কৰ্মচাৰীসকলক বাহনৰ ভাড়াৰ এই অস্বাভাৱিক বৃদ্ধিত ঘৰৰ পৰা কাম কৰিবলৈ পৰামৰ্শ দিছে।

Exit mobile version