গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব এছিয়ান কনফ্লুয়েন্স নডি সন্মিলন-২০২২ৰ তৃতীয় সংস্কৰণ “নডি-৩”

এছিয়ান কনফ্লুয়েন্সৰ উদ্যোগত অহা ২৮ আৰু ২৯ মে’ত গুৱাহাটীত অনুষ্ঠিত হ’ব এছিয়ান কনফ্লুয়েন্স নদী সন্মিলন-২০২২ৰ তৃতীয় সংস্কৰণ “নডি (Natural Allies in Development and Interdependence)-৩” । এই সন্মিলনখনত অংশগ্ৰহণৰ বাবে গুৱাহাটীলৈ আহিব কে’বাগৰাকীও নেতাৰ লগতে বিশেষজ্ঞ । শ্বিলঙত মুখ্য কাৰ্যালয় থকা এছিয়ান কনফ্লুয়েন্সে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়, অসম চৰকাৰৰ এক্ট ইষ্ট নীতি পৰিক্ৰমা বিভাগ, উত্তৰ-পূব পৰিষদ আৰু অন্যান্য অংশীদাৰৰ সহযোগত সন্মিলনখনৰ আয়োজন কৰিছে । উত্তৰ পূৰ্বাঞ্চল আৰু অসমক কেন্দ্ৰবিন্দু হিচাপে লৈ বংগোপ উপসাগৰীয় অঞ্চল আৰু দক্ষিণ-পূব এছিয়াৰ স’তে আঞ্চলিক সহযোগিতাৰে এক সামূহিক দৃষ্টিভংগী গ্ৰহণ কৰাৰ লক্ষ্যৰে অনুষ্ঠানটো আয়োজন কৰা হৈছে ।

সন্মিলনখনত হিমালয়ৰ দক্ষিণ অঞ্চলৰ পৰা গংগালৈকে, ব্ৰহ্মপুত্ৰৰ পৰা মেকঙলৈকে নদী অৱবাহিকাৰ সংলগ্ন অঞ্চলত সাধাৰণ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ ৰাজনৈতিক সীমাৰ বাহিৰত প্ৰয়োজন হোৱা ঘনিষ্ঠ সহযোগিতাৰ সন্দৰ্ভত আলোচনা কৰা হ’ব । চুবুৰীয়া দেশসমূহৰ লগতে বংগোপ সাগৰৰ উপকূলীয় অঞ্চলত শক্তি আৰু জল সুৰক্ষাৰ বাবে ভাৰতৰ কৌশলগত পদক্ষেপক আগুৱাই নিয়াত উত্তৰ-পূব ভাৰত অঞ্চলক কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা ইয়াৰ অন্যতম লক্ষ্য ।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ, বাংলাদেশৰ বৈদেশিক মন্ত্ৰী ড° এ কে আব্দুল মমেন আৰু থাইলেণ্ডৰ বৈদেশিক মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই দুদিনীয়া সন্মীলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব । তদুপৰি কে’বাখনো দেশৰ উচ্ছায়ুক্ত আৰু ৰাষ্ট্ৰদূত, শীৰ্ষ বিশেষজ্ঞ, বিজ্ঞানী আৰু অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ।

Exit mobile version