নিৰ্বাচনী তৎপৰতা তুংগত পশ্চিম কাৰ্বি আংলঙত

হানৰেণত শক্তিশালী প্ৰতিদ্বন্দী নাই, বিজেপিৰ জয় নিশ্চিত : মংগলছিং তিমুং

WhatsApp Image 2022 05 25 at 8.33.30 PM

বৈধ মনোনীত প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ পাছতেই ক্ৰমাৎ নিৰ্বাচনী তৎপৰতা তুংগত উঠিছে পশ্চিম কাৰ্বি আংলঙত । বৈঠালাংছ বিধানসভা সমষ্টিৰ অন্তৰ্গত থকা কাৰ্বি পৰিষদৰ নটাকৈ পৰিষদীয় সমষ্টিত কংগ্ৰেছ, বিজেপি, এপিএইছএলচি, এএছডিচি, নিৰ্দলীয় ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে সম্প্ৰতি কঁকালত টঙালি বান্ধি নামি পৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযানত । দলে-বলে, চলে-কৌশলেৰে, আক্ৰমণ-প্ৰতি আক্ৰমণেৰে এটা দলে আনটো দলক দুৰ্বল প্ৰতিপন্ন কৰাৰ লক্ষ্যৰে প্ৰচাৰ সভা আয়োজন, অস্থায়ী কাৰ্যালয় স্থাপন আদিৰে নিৰ্বাচনী অভিযান অব্যাহত ৰখা পৰিলক্ষিত হৈছে ।

উল্লেখযোগ্য যে আজি কাৰ্বি পৰিষদৰ আঠ নম্বৰ হামৰেণ পৰিষদীয় সমষ্টিৰ জেংখাত বিজেপিৰ নিৰ্বাচনকেন্দ্ৰিক সভা আয়োজন কৰি সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী মংগলছিং তিমুঙে “হানৰেণত শক্তিশালী প্ৰতিদ্বন্দী নাই, বিজেপিৰ জয় নিশ্চিত” বুলি দাবী কৰে । সমান্তৰাললৈ ভোট গণনাৰ ফলাফলত এপিএইছএলচি দলে দ্বিতীয় স্থান লাভ কৰাৰ সম্ভাৱনা আছে যদিও হামৰেণ সমষ্টিত কোনো বিৰোধীয়ে বিজেপিত প্ৰভাৱ পেলাব নোৱাৰে বুলি তিমুঙে প্ৰকাশ কৰে ।

লগতে তিমুঙে সমষ্টিটোত থকা বিজেপি স্থানীয় সমিতিৰ পৰা লাভ কৰা প্ৰতিবেদন অনুসৰি এইবাৰৰ নিৰ্বাচনত তিমুঙে পূৰ্বতকৈ বেছি অৰ্থাৎ প্ৰায় সাত হেজাৰ ভোট লাভ কৰিবলৈ সক্ষম হ’ব বুলি সমবেত হোৱা কে’বা সহস্ৰাধিক বিজেপি নেতা, কৰ্মী, সমৰ্থকক সাক্ষী ৰাখি এনে মন্তব্য কৰে । কিন্তু যিমানে অভিসন্ধি, কূটনীতি, ৰাজনৈতিক ষড়যন্ত্ৰ, বোকা চটিওৱাৰ ৰাজনীতি নচলক কিয়, অহা আঠ জুনত হামৰেণ সমষ্টিৰ ১৩৬৯৮ ভোটাৰৰ ভোটেৰে হ’ব ছয় প্ৰাৰ্থীৰ ভাগ্য পৰীক্ষা ।

শেহতীয়াকৈ সভাৰ ভাষণ প্ৰসংগত তিমুঙে সমষ্টিবাসীক মাৰ বান্ধি সাজু হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দলক সহায় সহযোগিতা আগবঢ়াই যাবলৈ আহ্বান জনোৱাৰ লগতে হামৰেণ সমষ্টিৰ ৰাইজে বিজেপিৰ প্ৰাৰ্থী অৰ্থাৎ পদুম ফুলৰ চিহ্নত ৰাইজৰ বহুমূলীয়া ভোট দান কৰি বিপুল ভোটাৰে জয়যুক্ত কৰিবলৈ আৰু বিৰোধীৰ অপপ্ৰচাৰ, ফুঁপযহ, প্ৰতিশ্ৰুতিৰ ৰাজনীতিত পতিয়ন নাযাবলৈ সমষ্টিবাসীক আহ্বান জনায় তিমুঙে ।

আয়োজিত সভাত হামৰেণ বিজেপি দলৰ প্ৰাৰ্থী তিমুঙৰ বিপৰীতে হামৰেণ নগৰ সমিতিৰ অধ্যক্ষ বীৰেনছিং তিচ্ছ, হামৰেণ মণ্ডল যুৱ মৰ্চাৰ সভাপতি মোহন ৰংফাৰ, বিজেপি হামৰেণ মণ্ডল কমিটীৰ সভাপতি বীৰেনছিং তিচ্ছ’, গ্ৰাম্য উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংচ, হাৰলঙচৰা সমবায় সমিতিৰ অধ্যক্ষ পিটৰ তিমুং, বিজেপি নেতা লংছিং ৰংফাৰ, চৱীয় বে, বীৰেন ৰংহাংঙৰ লগতে মহিলাসকল, দলীয় সমৰ্থক আদি উপস্থিত থাকে ।

Exit mobile version