Covid-19 : দেশত পুনৰ বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ

covid 19 test in delhi ee06364a ef31 11ea a6a9 ef65eb2fa0ec

দুবছৰৰো অধিক সময় ধৰি সমগ্ৰ বিশ্বতে ক’ভিডৰ প্ৰভাৱ আছে । ইয়াৰ মাজতে আকৌ বিশ্বৰ বিভিন্ন প্ৰান্তত নতুন আতংকৰ সৃষ্টি কৰিছে মাঙ্কিপক্সে।

যদিও,বিশেষজ্ঞসকলে জনাইছে, সংক্ৰমণৰ ক্ষেত্ৰত,কৰ’নাৰ স’তে মাঙ্কিপক্সৰ কোনো তুলনা নাই। এই ৰোগৰ সংক্ৰমণৰ হাৰ শূন্য। সেয়েহে, এনে কঠিন পৰিস্থিতিত, চিকিৎসকসকলে কৰ’নাৰ পৰা সাৱধান হ’বলৈ পৰামৰ্শ দিছে। ইয়াৰ মাজতে, স্বাস্থ্য মন্ত্ৰালয়ৰ ক’ভিড পৰিসংখ্যা এক নতুন চিন্তাৰ বিষয়।

শনিবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত কৰ’নাত আক্ৰান্ত হৈছে ৪১৮ জন লোক । যিটো কালিৰ তুলনাত প্ৰায় ২৭ শতাংশ বেছি।

ইয়াৰ ভিতৰত, ৰাজধানী দিল্লীত আক্ৰান্ত ৪১৮ জন লোক আৰু মৃত্যু দুজন । স্বাস্থ্য মন্ত্ৰালয়ৰ বুলেটিন অনুসৰি, ভাৰতত এদিনতে ১৭ জন লোকে প্ৰাণ হেৰুৱাইছে। দেশত এতিয়ালৈকে মুঠ ক’ভিডত মৃত্যুৰ সংখ্যা হৈছে পাঁচ লাখ ২৪ হেজাৰ ।

বৰ্তমান, দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ১৪ হেজাৰ ৯৭১ জন । সমগ্র দেশতে সক্ৰিয় ৰোগীৰ হাৰ এতিয়া ০.০৩ শতাংশ।

পৰিসংখ্যা অনুসৰি, এতিয়ালৈকে দেশত চাৰি কোটি ২৬ লাখ দুহেজাৰ ৭১৪ জন লোকক কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে । ইয়াৰ ভিতৰত, যোৱা ২৪ ঘণ্টাত ১,৯৭৭ জন।

সুস্থতাৰ হাৰ ৯৮.৭৫ শতাংশ। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি, দেশত এতিয়ালৈকে ১৯২ কোটি ৬৭ লাখৰো অধিক কৰ’না ভেকছিন প্ৰদান কৰা হৈছে।

Exit mobile version