Eye care : চকুক লৈ অৱহেলা নকৰিব ! ৩০ পাৰ হ’লেই নিয়মিত চকুৰ কি কি পৰীক্ষা কৰোৱা প্ৰয়োজন ?

vasan eyecare limg 2

বয়স বাঢ়িলে যেনেদৰে চুলি পকে, গাৰ ছাল সোতোৰা পৰে তেনেদৰেই চকুৰ স্বচ্ছ লেন্স ধুসৰ হৈ আহে । ফলত দৃষ্টিশক্তি কমিব লয় । অনেকেই স্বল্প দৃষ্টি শক্তিৰেই দিন কটায় । কিন্তু ইয়াৰ সুদুৰপ্রসাৰী ফল হ’ব পাৰে মাৰাত্মক । দৃষ্টিশক্তি সম্পূর্ণ নষ্ট হৈ যোৱাৰ সম্ভাৱনা থাকে । আমি প্রায়েই চকুৰ অৱহেলা কৰো । তাৰ ফলতেই ঘটে বিপত্তি ।

৩০ বছৰ বয়স পাৰ হ’লেই নিয়মিত চকু পৰীক্ষা কৰোৱা উচিত । আগৰ পৰাই সতর্ক হ’লে ক্ষতি কি ? বৰঞ্চ বহু বৃহৎ সমস্যাৰ পৰা হাত সাৰিব পাৰি ।

জানি ল‌ওক, ৩০ৰ পাছত চকুৰ কি কি পৰীক্ষা কৰোৱা শ্রেয় ।

১) এই ক্ষেত্রত চিকিৎসকৰ পৰামর্শ লৈ মায়’পিয়া, হাইপাৰ’পিয়া আৰু প্রেসবায়’পিয়া পৰীক্ষা কৰোৱা উচিত । এই তিনিটা পৰীক্ষাৰ মাধ্যমতেই আপোনাৰ দৃষ্টিশক্তিৰ মান কিমান পৰীক্ষা কৰা হয় ।

২) চকুৰ পেশীবোৰ সঠিকভাৱে কাম কৰিছে নে নাই সেই পৰীক্ষাও কৰাই লোৱা ভাল ।

৩) আপোনাৰ চকুৱে সঠিক ৰং মনিব পাৰিছে নে নাই সেইটোও পৰীক্ষা কৰাব লাগে । এই ক্ষেত্রত চিকিৎসকসকলে আপোনাৰ সন্মুখত ৰঙীন ছবি ৰাখে । আপোনাৰ দৃষ্টিত সকলো ৰং সঠিককৈ ধৰা পৰিছে নে নাই সেইটো জনা অতি প্ৰয়োজনীয় ।

৪) বহুতৰ ৰেটিনাত ফুটা হৈ যায় । নিয়মিত চকুৰ পৰীক্ষা নকৰিলে সেয়া ধৰা নপৰে ! ইয়াৰ ফলত দৃষ্টিশক্তি কমে । অন্ধত্বৰ শংকা বাঢ়ে । সেয়ে আপোনাৰ চকুৰ বিভিন্ন স্নায়ুবোৰ আৰু ৰেটিনা সঠিককৈ কাম কৰিছে নে নাই, সেয়াও পৰীক্ষা কৰাব লাগিব ।

Exit mobile version