Spice Jet ransomware attack : ‘ৰেনছমৱেৰ’ আক্ৰমণ হৈছে ! ক্ষোভ নিয়ন্ত্ৰণ কৰিবলৈ জনালে স্পাইছজেটে

Spicejet airline 111120 wikimedia 1200

দেশজুৰি স্পাইছজেট বিমান সেৱাত বিভ্রাট । ফলত যাত্রীসকলৰ প্রবল ক্ষোভ নিয়ন্ত্ৰণ কৰিবলৈ ‘ৰেনছমৱেৰ’ৰ (কম্পিউটাৰ ভাইৰাছ) আক্ৰমণ হোৱা বুলি জনালে বিমান সংস্থাটোৱে । সম্প্ৰতি সেৱা স্বাভাৱিক হোৱাৰ দাবী কৰিলেও, সামাজিক মাধ্যমত প্ৰকাশ পাইছে এই সংস্থাৰ বিমানত থকা যাত্রীসকলৰ ক্ষোভৰ বহিঃপ্রকাশ ।

বুধবাৰে পুৱাৰ পৰাই স্পাইছজেটৰ একাধিক বিমান উৰনত বিলম্ব হয় । ফলত সমস্যাত পৰে বহু যাত্রী । বিমানত বহি বহি বিৰক্ত যাত্রীসকলে ক্ষোভ উজাৰিছে সামাজিক মাধ্যমত । হৈ চৈ হ‌ওঁতেই তৰানৰা চিঙিছে বিমান সংস্থাটোৱে । বিবৃতি জাৰি কৰে । তাত দাবী কৰা হয়, এটা ‘ৰেনছমৱেৰ’ আক্ৰমণৰ চেষ্টা কৰা হৈছিল । এতিয়া অৱশ্যে পৰিস্থিতি স্বাভাৱিক।

বিমান সংস্থাটোৱে তেওঁলোকৰ বিবৃতিত দাবী কৰিছে, ‘স্পাইছজেটৰ কিছু প্রক্রিয়াত কালি নিশা ‘ৰেনছমৱেৰ’ আক্ৰমণৰ প্রচেষ্টা হৈছিল । ফলত আজি পুৱা উৰন সেৱা প্রভাৱিত হয় । আমাৰ তথ্যপ্রযুক্তি দলে পৰিস্থিতি নিয়ন্ত্রণত আনিছে । এতিয়া সকলো স্বাভাৱিক ।’

যদিও সংস্থাৰ যুক্তিত ভুল যোৱা নাই যাত্ৰীসকল‌ । একাধিক বিমানত আবদ্ধ হৈ পৰা যাত্রীসকলে সামাজিক মাধ্যমত ক্রমাগত ক্ষোভ উজাৰি দিছে । কোনো কোনোৱে প্রশ্ন উত্থাপন কৰিছে, ‘নন পেমেন্টৰ’ কাৰণেই এই বিলম্ব নেকি ? প্রসংগত, ‘এয়াৰপ’র্টছ অথৰিটি অৱ ইণ্ডিয়া (এএআই)’ৰ প্রাপ্য নিদিয়াৰ বাবে ২০২০ৰ পৰাই স্পাইছজেটে ‘কেছ এণ্ড কেৰী’ পদ্ধতিত সেৱা জাৰি ৰাখিছে । ইয়াৰ অর্থ, দৈনিক প্ৰাপ্য দিলে আৰু দৈনিক শোধ কৰিলেহে পাছৰ দিনা সেৱা আগবঢ়াব পাৰে স্পাইছজেটে ।

Exit mobile version