ATM Dacoity : এটিএমত ডকাইতি কৰিবলৈ গৈ ১৯ লাখ টকা জ্বলালে ডকাইতে !

1653565496 loot

গেছকাটাৰেৰে এটিএম কাটি টকা ওলিয়াবলৈ গৈ ১৯ লাখ টকা পুৰি ছাই কৰিলে চোৰে ! ঘটনাটো সংঘটিত হৈছে বেংগালুৰুত ।আৰক্ষী সূত্রে খবৰ, এটিএমৰ ভিতৰত ১০০, ২০০ আৰু ৫০০ মিলাই মুঠ ছয় হেজাৰ নোট আছিল ।

১০০ টকাৰ নোট আছিল দুহেজাৰ ৯৬৫টা, ২০০ টকাৰ নোটৰ সংখ্যা আছিল এহেজাৰ ৯১১ আৰু দুহেজাৰ ৫৭৩টা আছিল ৫০০ টকাৰ নোট । মুঠ ১৯ লাখ ৬৫ হেজাৰ টকা আছিল এটিএমত ।

এটিএম কাটি দ্রুত টকা ওলিয়াবৰ বাবে গেছকাটাৰ ব্যৱহাৰ কৰিছিল ডকাইতকেইজনে । তাৰে এটিএমো কাটে । কিন্তু মেচিন অলপ কাটোতেই গেছকাটাৰৰ জুই লাগোতেই সমস্ত টকা পুৰি ছাই হৈ যায় । চকুৰ পছাৰতে লক্ষ লক্ষ টকা পুৰি ছাই হোৱা চোৱাৰ বাহিৰে আন একো উপায় নাছিল চোৰকেইজনৰ ।

Exit mobile version