CAA-NRC : এনআৰচি সন্দৰ্ভত মুখ্য ন্যায়াধীশক পত্ৰ

Screenshot 374

উচ্চতম ন্যায়ালয়ৰ তদাৰকিত চলা এনআৰচি প্রক্রিয়া দ্রুত শেষ কৰাৰ পৰিৱৰ্তে আৰম্ভণিৰ পৰাই এনআৰচিক লৈ প্রশ্ন উত্থাপন কৰা আৰু প্রক্রিয়া ব্যাহত কৰাত ব্যস্ত বর্তমান এনআৰচি কো-অর্ডিনেটৰ হিতেশ দেৱ শর্মা — শীৰ্ষ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমণাক এই অভিযোগ জনাই পত্ৰ প্ৰেৰণ কৰিলে অসমৰ চিএএ-বিৰোধী সমন্বয় মঞ্চ‌ই । তেওঁলোকৰ দাবী, এনআৰচিৰ চূড়ান্ত তালিকা প্রমাণ্য বুলিয়ে মানি লৈছিল সকলো মহলে ।

তালিকাচ্যুট ১৯ লক্ষাধিক মানুহৰ নাম বাদ পৰাৰ কাৰণ জনাই ৰিজেকছন লেটাৰ প্ৰেৰণ কৰাৰ কথা আছিল এনআৰচি বিভাগৰ । তাৰ ভিত্তিত জমা হোৱা আবেদনৰ বিচাৰ কৰি তৈয়াৰ আছিল দুই শতাধিক ফৰেনাৰ্চ ট্রিবিউনলো । কিন্তু হিতেশ দেৱ শর্মাই দায়িত্ব গ্ৰহণ কৰাৰ পাছৰ পৰা কোনো কাম আগবঢ়া নাই । বৰঞ্চ তেওঁ বিতর্ক সৃষ্টিত ব্যস্ত । নিজেই তালিকাৰ বৈধতাক লৈ প্রশ্ন তুলি আহিছে । দাবী কৰিছে যে তালিকাত লাখ লাখ বিদেশীৰ নাম সোমাইছে ।

হিতেশ সম্প্রতি আগৰ কো-অর্ডিনেটৰ প্রতীক হাজেলাৰ বিৰুদ্ধে দেশবিৰোধী কামৰ অভিযোগ আনি চিআইডি-ক এফআইআৰ কৰিছে । ইয়াৰ তীব্র নিন্দা কৰি মঞ্চৰ অভিযোগ ৰাজ্যৰ একাংশ পক্ষপাতদুষ্ট দল-সংগঠনে হিতেশক সহায় কৰিছে, ফলত বহু কষ্ট সহ্য কৰি নাগৰিকত্ব প্রমাণ কৰা বৈধ ভাৰতীয়সকল আতংকিত ।

ৰাজ্যৰ চাৰিটা বাম দলৰ যৌথ মঞ্চওয়ো দাবী কৰে এনআৰচিৰ কাম সমাপন নকৰি এনআৰচিৰ চূড়ান্ত তালিকা বাতিল কৰাতেই ব্যস্ত হিতেশ দেৱ শর্মা । বর্তমান কো-অর্ডিনেটৰ বিজেপিৰ ৰাজনৈতিক স্বার্থ চৰিতার্থ কৰিবলৈ কাম কৰিছে । তিনি বছৰ ধৰি এনআৰচি দপ্তৰ চলাবলৈ ৰাজকোষৰ ধন অযথা ব্যয় হৈছে ।

চিপিএমৰ মতে, সামাজিক মাধ্যমত এনআৰচি প্রক্রিয়াক গালি-গালাজ কৰি থকা এজনক সমন্বয় ৰক্ষাকাৰীৰ দায়িত্ব দি বিজেপি-য়ে কাৰ্য সিদ্ধি কৰিছে । কিন্তু এনআৰচি প্রক্রিয়া স্থগিত হৈ থকাত ২৭ লাখ লোকৰ আধাৰ কার্ড আৰু অন্যান্য চৰকাৰী সুযোগ-সুবিধা বন্ধ হৈ আছে ।

Exit mobile version