Import-Export : গমৰ পাছত চেনি ৰপ্তানিতো বাধা কেন্দ্রৰ

Sugar 0125 wk crop

প্রথমে সমগ্ৰ বিশ্বক ভাৰতে খাদ্য যোগান ধৰিব বুলি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘোষণা কৰাৰ পাছত তেওঁৰ চৰকাৰে গম ৰপ্তানি বন্ধ কৰি দিলে । এইবাৰ ভাৰতৰ পৰা বিপুল পৰিমাণে চেনি ৰপ্তানি হৈছে বুলি প্রচাৰৰ কিছুদিন পাছতে কেন্দ্র‌ই চেনিৰ ৰপ্তানিতো বাধা আৰোপ কৰিলে ।

কেন্দ্রীয় বাণিজ্য মন্ত্রণালয়ৰ এই সিদ্ধান্তৰ পাছত মোদী চৰকাৰৰ খাদ্যপণ্য ৰপ্তানি নীতিক লৈ প্রশ্ন উত্থাপিত হৈছে । প্রশ্ন উত্থাপন হৈছে, প্রথমে ৰপ্তানিত অনুমোদন দি তাৰ পাছত বাধা দিয়াৰ ফলত কৃষকৰ পৰা ৰপ্তানিকাৰী — সকলোৱে ক্ষতিগ্রস্ত হোৱা নাই নে ?

গম ৰপ্তানি বন্ধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ মূল শংকা আছিল, দেশৰ বজাৰত গমৰ দাম বাঢ়ি যাব । চেনিৰ ৰপ্তানিত বাধা দিয়াৰ ক্ষেত্ৰতো একেই শংকা কৰা হৈছে বুলি চৰকাৰে মত প্ৰকাশ কৰিছে । আজি কেন্দ্রীয় খাদ্য মন্ত্রণালয়ে জনাইছে, দেশৰ বজাৰত চেনিথ যথেষ্ট যোগান আৰু দাম নিয়ন্ত্ৰণত ৰখাতে কেন্দ্রীয় চৰকাৰৰ প্রধান অগ্রাধিকাৰ । অক্টোবৰ-নৱেম্বৰত উৎসৱৰ বতৰত বজাৰত যাতে চেনিৰ যোগান ব্যাহত নহয়, সেয়া নিশ্চিত কৰিব বিচাৰে চৰকাৰে ।

বিগত এবছৰ ধৰি চেনিৰ দাম নিয়ন্ত্রণত আছে । চেনিৰ দাম ৩৬ৰ পৰা ৪৪ টকাৰ ভিতৰতে আছে । কিন্তু ব্রাজিলত কম উৎপাদনৰ ফলত বিশ্ব বজাৰত চেনিৰ যোগান কমিব পাৰে । বৃদ্ধি পাব পাৰে দাম । তাৰ প্ৰভাৱ যাতে দেশৰ বজাৰচ নপৰে, তাৰ বাবে এক জুনৰ পৰা ১০০ লাখ টন চেনি ৰপ্তানিৰ ঊর্ধ্বসীমা বান্ধি দিয়া হৈছে ।

ৰাছিয়া-ইউক্রেইনৰ যুদ্ধৰ ফলত বিশ্ব বজাৰত গমৰ অভাৱ সত্ত্বেও ভাৰতে হঠাৎ গম ৰপ্তানি বন্ধ কৰি দিয়াৰ বাবে আন্তর্জাতিক মহল ভাৰতৰ ওপৰত ক্ষুব্ধ । গম ৰপ্তানি আৰম্ভ কৰিবৰ বাবে ভাৰতৰ ওপৰত চাপ দিছে । কিন্তু ৰেচনত গমৰ পৰিৱৰ্তে চাউল দিয়া হৈছে বুলি উত্তৰ প্রদেশ, পশ্চিমবংগৰ দৰে ৰাজ্যত ক্ষোভ সৃষ্টি হৈছে ।

আজি বাণিজ্য আৰু খাদ্যমন্ত্রী পীযূষ গয়ালে জনাইছে, যিসমূহ দেশত খাদ্যৰ আকাল, সেইসমূহ মিত্র-ৰাষ্ট্র আৰু য’ত ভাৰতে ঋণ দিছে, তাত ভাৰতে গম ৰপ্তানি কৰিব । কিন্তু চলিত বৰ্ষত গমৰ উৎপাদন ৭-৮ শতাংশ অধিক হ’লেও তাপপ্রবাহৰ ফলত বতৰৰ আৰম্ভণিতে গম নষ্ট হৈছে । ফলত উৎপাদিত গমেৰে দেশৰ চাহিদাই পূৰণ কৰিব পৰা যাব ।

Exit mobile version