বঙাইগাঁৱত এছএছবি জোৱানৰ আত্মহত্যা

WhatsApp Image 2022 05 27 at 5.58.44 PM

বঙাইগাঁও চাপৰাকাটাস্থিত এছএছবিৰ কেম্পত অঘটন । যোৱা নিশা নিজৰ ইনছাচ ৰাইফলেৰে গুলিয়াই আত্মহত্যা এছএছবিৰ জোৱানৰ ।

কোকৰাঝাৰৰ ষষ্ঠ বেটেলিয়ন এছএছবিৰ জোৱান অংকিত কুমাৰৰ আত্মহত্যা । উত্তৰপ্ৰদেশৰ মুজাফৰ নগৰৰ বিবাহিত জোৱানজনক আত্মহত্যাৰ পাছতে চিৰাঙৰ কাজলগাঁওস্থিত জেএছবি অসামৰিক চিকিৎসালয়ত মৰনোত্তৰ পৰীক্ষাৰ বাবে আনে ঢালিগাঁও থানা আৰক্ষীয়ে ।

অৱশ্যে এই ক্ষেত্ৰত এছএছবিৰ বিষয়াসকলে কোনো মত প্ৰকাশ কৰা নাই । এছএছবিৰ জোৱানজনে কিয় আত্মহত্যা কৰিলে সেয়া বিভাগীয়ভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই ।

Exit mobile version