মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত দাঁতিকাষৰীয়া গাঁৱত গো-ধনক ছিটাকৰণ

মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বেচৰকাৰী সংস্থা ডব্লিউ ডব্লিউ এফ-ইণ্ডিয়া, ডব্লিউ টি আই আৰু খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত ইয়াৰ দাঁতিকাষৰীয়া গাঁওসমূহৰ গঞাৰ গৰু-ছাগলী ইত্যাদি গো-ধনক ছিটাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ মানাহৰ পশু চিকিৎসক আৰু খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ পশু চিকিৎসকৰ দলে ইতিমধ্যে ঘৰে ঘৰে গৈ পোহনীয়া গো-ধনক চবকা, ডিঙি ফুলা, জ্বৰ-বাত ইত্যাদি ৰোগৰ বাবে প্ৰতিষেধক ছিটা প্ৰদান কৰিছে ৷

উল্লেখযোগ্য যে মানাহৰ দাঁতিকাষৰীয়া গাঁওসমূহৰ গৰু-ম’হ মাজে-সময়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত প্ৰৱেশ কৰে, কিন্তু যাতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীলৈ পোহনীয়া গৰু-ম’হৰ পৰা কোনো ৰোগ বিয়পিব নোৱাৰে তাৰ বাবে প্ৰতি বছৰে এনে ছিটাকৰণ ব্যৱস্থা গ্ৰহণ কৰি আছে মানাহ কৰ্তৃপক্ষই ৷ মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ড° বৈভৱ চি মাথুৰৰ তত্ত্বাৱধানত চলা এই ছিটাকৰণ প্ৰক্ৰিয়া মানাহৰ পাণবাৰী, ভূঞাপাৰা, বাঁহবাৰী ৰেঞ্জৰ উপৰি কাহিটামা বীটৰ দাঁতিকাষৰীয়া গাঁওসমূহতো অব্যাহত ৰখা হৈছে ৷

ইতিমধ্যে নিৰ্ধাৰিত গাঁওসমূহৰ অধিকাংশতে ছিটাকৰণ সম্পন্ন হৈছে আৰু ক্ৰমান্বয়ে বাকী গাঁওসমূহতো ছিটাকৰণ সম্পন্ন কৰা হ’ব বুলি জনাইছে মানাহৰ পশু চিকিৎসক ডাঃ প্ৰভাত বসুমতাৰীয়ে ৷

Exit mobile version