Bizarre : এই দেশত কোনো অনুষ্ঠানত সময়ত যোৱা ‘অপৰাধ’ ! পলমকৈ গ’লেই পাব আদৰ-যত্ন

1653636787 late

শৃংখলাবদ্ধ জীৱন যাপনৰ বাবে সময় অত্যন্ত গুৰুত্বপূর্ণ বিষয় । সময়মতে কাম কৰা, সময়মতে উপস্থিত হোৱা স্কুল, কলেজ বা কাৰ্যালয় বা কোনো অনুষ্ঠান — সকলোতেই সময়ত উপস্থিত হোৱা প্ৰয়োজন । কিন্তু এনে এখন দেশ আছে য’ত সময়মতে উপস্থিত হোৱাটো ‘অপৰাধ’ বুলি গণ্য কৰা হয় । সময়ত উপস্থিত নহ’লে পাব আদৰ-যত্ন, খাতিৰ ।

অবিশ্বাস্য যেন লাগিলেও, দক্ষিণ আমেৰিকাৰ ভেনেজুৱেলাত এই ৰীতিৰ প্রচলন আছে । এই দেশৰ বাসিন্দাসকলে সময়ত উপস্থিত হ’বলৈ ভাল নাপায় । বিশেষকৈ কোনো অনুষ্ঠানত । ১৫ মিনিটৰ পৰা এঘণ্টা পলমকৈ যোৱাটোৱে প্রচলন ।

কিন্তু কিয় এনেকৈ পলমকৈ যোৱাটো এটা ৰীতিত পৰিণত হৈছে ? স্থানীয় সংবাদমাধ্যমৰ প্রতিবেদনত দাবী কৰা হৈছে, কোনো অনুষ্ঠানত কোনোৱে যদি সময়মতে উপস্থিত হয় তেতিয়া গন্য কৰা হয়, অতিথি অত্যন্ত উৎসাহী আৰু লোভী ।

আনহাতে, পলমকৈ যোৱাৰ অর্থ হ’ল, আয়োজকক আৰু প্রস্তুতি কৰাৰ সুযোগ দিয়া । যাতে অতিথিক ভালকৈ আপ্যায়ন কৰিব পাৰে । সময়মতে উপস্থিত হ’লে হয়তো আয়োজকে সম্পূৰ্ণ প্রস্তুতি কৰিব নোৱাৰিব, সেয়ে পলমকৈ উপস্থিত হ’লে আয়োজকসকলক প্রস্তুতি কৰাৰ সুযোগ দিয়া হয় বুলি দাবী ।

Exit mobile version