ক’ভিডৰ সময়ত চীনৰ পৰা পিপিই কিট ক্ৰয়ৰ নামত অসম চৰকাৰে দুৰ্নীতি কৰা বুলি সংবাদ প’ৰ্টেলে অনা অভিযোগ নস্যাত মন্ত্ৰী পীযুষ হাজৰীকাৰ

59dc0260 9396 4640 92fb 3f7a4dfe9607

জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ মুখপাত্ৰ শ্ৰী পীযুষ হাজৰীকাই আজি কাৰ্বি আংলঙৰ ডিফু চহৰত এখন সংবাদমেল সম্বোধন কৰি বিগত ক’ভিডৰ সময়ত ৰাজ্য চৰকাৰে চীন দেশৰপৰা ‘পিপিই কিট’ ক্ৰয়ৰ নামত দুৰ্নীতি কৰা বুলি The Wire আৰু The Crosscurrent নামৰ সংবাদ প’ৰ্টেলে অনা অভিযোগ নস্যাত কৰি এনে অভিযোগ মনেসজা, অভিসন্ধিমূলক আৰু দুষ্ট প্ৰকৃতিৰ বুলি উল্লেখ কৰে ।

মন্ত্ৰীগৰাকীয়ে কয় যে ক’ভিড আৰম্ভ হোৱা সময়খিনিত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী স্বাস্থ্যমন্ত্ৰী থকাৰ বিপৰীতে তেওঁ নিজে আছিল স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী । সেইখিনি সময়ত ভাৰতবৰ্ষৰ লগতে সমগ্ৰ পৃথিৱীতে ‘পিপিই কিট’ৰ অভাৱ আছিল।

অসম চৰকাৰে যেনে তেনে দুই এক স্থানৰ পৰা ‘পিপিই কিট’ কিনি কাম চলাবলৈ বাধ্য হৈছিল । আনকি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মন্ত্ৰী পীযুষ হাজৰীকাই নিজেও চাৰ্টাড বিমান লৈ দিল্লীৰ পৰা পিপিই কিট আনিবলৈ গৈছিল । তেনে সময়তে এটা ব্যৱসায়িক প্ৰতিস্থানে চীন দেশৰপৰা ‘পিপিই কিট’ আনি দিব পাৰিব বুলি ঘোষণা কৰে ।

যি সময়ত বিশ্বৰ সমগ্ৰ মানৱ জাতি ঘৰৰ ভিতৰত সোমাই আছিল তেনে সময়তে কেইগৰাকীমান ভাৰতীয় বিমান পৰিচালকে সাহস কৰি চীন দেশৰপৰা অসমলৈ পিপিই কিট কঢ়িয়াই আনিছিল । বিমান পৰিচালক কেইগৰাকীৰ এনে সাহসী কামক সন্মান জনাবলৈকে তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰীকাই বিমানবন্দৰলৈ গৈ বিমান পৰিচালক কেইগৰাকীক কৃতজ্ঞতা জনাইছিল ।

কিন্তু পৰৱৰ্তী সময়ত বহুতে সামাজিক মাধ্যমৰ জড়িয়তে চীনদেশত প্ৰস্তুত পিপিই কিটৰ মানৰ ওপৰত প্ৰশ্ন কৰাত অসম চৰকাৰে এই পিপিই কিটসমূহ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লয় । ক’ভিডৰ সময়ত ভগৱানতকৈও ওপৰত স্থান পোৱা চিকিৎসাকৰ্মীসকলৰ মনোবল যাতে কমি নাযায় তাৰ প্ৰতি লক্ষ ৰাখিয়েই অসম চৰকাৰে চীনদেশৰ পৰা অনা পিপিই কিটসমূহ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লয় ।

তাৰোপৰি তেতিয়ালৈকে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰততে পিপিই কিট প্ৰস্তুত কৰিব পৰা হৈছিল আৰু অসমেও যথেষ্টসংখ্যক পিপিই কিট লাভ কৰিবলৈ সক্ষম হৈছিল, মন্ত্ৰীগৰাকীয়ে কয় । যিখিনি সময়ত অসম চৰকাৰৰ কোনেও চীনদেশৰপৰা অনা পিপিই কিট গ্ৰহণেই কৰা নাছিল তেনে সময়ত চীনৰ পৰা পিপিই কিট কিনাৰ নামত চৰকাৰে দুৰ্নীতি কৰা বুলি অভিযোগ আনি বাতৰি প্ৰকাশ কৰাটো মনেসজা, অভিসন্ধিমূলক আৰু দুষ্ট প্ৰকৃতিৰ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এনে বাতৰিৰ জড়িয়তে মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা হৈছে ।

আনহাতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা তেতিয়াৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ক’ভিডৰ সময়খিনিত প্ৰায় চাৰিমাহ সময় জনসাধাৰণৰ স্বাৰ্থত ইফালৰ পৰা সিফাললৈ দৌৰি ফুৰিছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে যিটো সময়ত সকলো ঘৰৰ ভিতৰত সোমাই আছিল সেই সময়খিনিত মাননীয় ড° হিমন্ত বিশ্ব শৰ্মাই মাথো দুঘণ্টাৰ বাবেহে শুবলৈ সময় পাইছিল ।

এনে অৱস্থাত চীনদেশৰপৰা পিপিই কিট কিনাৰ নামত ড° হিমন্ত বিশ্ব শৰ্মাৰ বিভাগে দূৰ্নীতি কৰা বুলি প্ৰকাশিত বাতৰি সম্পূৰ্ণ অসত্য আৰু মনেসজা বুলি উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ।

Exit mobile version