Hyderabad : কেজিএফ -ৰ ‘ৰকি ভাই’ক অনুসৰণ কৰি এপেকেট চিগাৰেট একেলগে খালে এজন কিশোৰে ,তাৰ পাছত কি হ’ল !

1653728671 kgf 1

যশ অভিনীত ছুপাৰহিট ছবি ‘কেজিএফ চেপ্টাৰ ২’ৰ ‘ৰকি ভাই’ৰ অনুসৰণ কৰিবলৈ গৈ বিপদত এজন ১৫ বছৰীয়া কিশোৰ । যশ ওৰফে ‘ৰকি ভাই’ হৈছে ‘কেজিএফ অধ্যায় ২’ৰ মুখ্য চৰিত্ৰ।

তেওঁক নকল কৰি হায়দৰাবাদৰ এজন কিশোৰে একেলগে এক পেকেট চিগাৰেট খাইছিল। তাৰ পাছত অসুস্থ হৈ ৰে কিশোৰজন ।

কিশোৰজনক চিকিৎসালয়ত ভৰ্তি কৰোৱাত চিকিৎসালয়খন এজন, হাঁওফাঁও বিশেষজ্ঞই কয়, “ৰকি ভাই চৰিত্ৰৰ প্ৰতি সহজে আকৰ্ষিত হৈছে কিশোৰ আৰু তৰুণসকল।

চিকিৎসালয়ত ভৰ্তি হোৱা কিশোৰজনে ৰকি ভাইক অনুকৰণ কৰি চিগাৰেটৰ গোটেই পেকেটটো একেলগে খাইছিল। তাৰ পাছতে তেওঁ অসুস্থ হৈ পৰে। “

এনে চৰিত্ৰৰ প্ৰতি আকৰ্ষিত হৈ যুৱ প্ৰজন্ম আৰু যুৱসকলে যাতে নিজৰ বিপদ মাতি নানে তাৰ বাবে চলচ্চিত্ৰ নিৰ্মাতাসকলৰো এটা দায়িত্ব আছে। চৰিত্ৰটোক অধিক গৌৰৱান্বিত কৰিবলৈ ছবিখনত যিধৰণে চিগাৰেট আৰু ধপাত ব্যৱহাৰৰ দৃশ্য দেখুওৱা হৈছে, ইয়াক বন্ধ কৰা উচিত বুলিও চিকিৎসকজনে দাবী কৰে ।

Exit mobile version