Rissia -Ukraine War : নিপ্ৰোত ইউক্ৰেইনৰ সেনা ঘাটি লক্ষ্য কৰি ৰুছ ক্ষেপনাস্ত্ৰ আক্ৰমণ ,মৃত কমেও ১০ জন

1653695152 russia

মধ্য ইউক্ৰেইনত পুনৰ ভয়াৱব আক্ৰমণ চলাইছে ৰাছিয়াই । নিপ্ৰো চহৰত ইউক্ৰেইনৰ সামৰিক ঘাটিসমূহত লক্ষ্য কৰি মিছাইল নিক্ষেপ কৰিছে মস্কোৰ বাহিনীয়ে । কমেও ১০ জনৰ মৃত্যুৰ খবৰ পোৱা গৈছে। আহত ৩০ তকৈও অধিক ।

আঞ্চলিক সেনা প্ৰধান জেনাডি কোৰবানে কয়, “ৰাছিয়াৰ ইস্কান্দাৰ ক্ষেপনাস্ত্ৰ আজি পুৱা আহি ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীৰ প্ৰশিক্ষণ কেন্দ্ৰত পৰে ।এই আক্ৰমণৰ ফলত বহুতলোকে প্ৰাণ হেৰুৱাইছিল।

ইউক্ৰেইনত তিনি মাহৰো অধিক সময় ধৰি যুদ্ধ চলি আছে। আৰম্ভণিতে, চহৰখন গুৰুতৰ আক্ৰমণৰ সন্মুখীন হৈছিল। আৱাসীসকলক চহৰৰ পৰা পলায়ন কৰিবলৈ বাধ্য কৰা হৈছিল।

নিপ্ৰো তেতিয়াৰ পৰা বহুত শান্ত হৈ গৈছিল । বিশেষকৈ ৰাছিয়াৰ স্থল বাহিনী পিছুৱাই যোৱাৰ পাছত। বহু দিনৰ পাছত, আজি পুনৰ মিছাইল আক্ৰমণে অঞ্চলটোত আতংক বিয়পাই দিয়ে।

অঞ্চলটোৰ গভৰ্ণৰ ভেলেণ্টিন ৰাজ্জনিতচেঙ্কোৱে সংবাদ মাধ্যমক জনাই যে “ভয়ংকৰ ধ্বংস”। দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কৰ্মচাৰীসকল উদ্ধাৰ দ্ৰুত গতিত অভিযান আৰম্ভ কৰে । কিন্তু এতিয়ালৈকে পোৱা তথ্য অনুসৰি, ১৭ মে’ৰ তুলনাত ক্ষতি কম হৈছে ।

দহ দিন ৰ আগতে ৰাছিয়াই কিয়েভৰ এটা সেনা ঘাটিত আক্ৰমণ কৰে। এই সপ্তাহত, চৰকাৰে ঘোষণা কৰিছিল যে সেইদিনাৰ আক্ৰমণত ৮৭ জন লোকে প্ৰাণ হেৰুৱাইছিল।

পূৱ ইউক্ৰেইনতো ৰাছিয়াৰ আক্ৰমণ অব্যাহত আছে। লুহানস্কৰ গভৰ্ণৰ চেৰহি হেইডেই জনাইছে যে ৰাছিয়াৰ বাহিনীয়ে অঞ্চলটোৰ চেভেৰোডনেটস্ক চহৰৰ দুই-তৃতীয়াংশ দখল কৰিছে। চহৰখন ডনবাছত আটাইতকৈ জনবসতিপূৰ্ণ।

ই এতিয়াও ইউক্ৰেইনৰ নিয়ন্ত্ৰণত আছে। কিন্তু কিমান দিন, জনা নাযায় । এক ভয়ংকৰ যুদ্ধ চলি আছে। ইউক্ৰেনে দাবী কৰে যে চেভেৰোডনেটস্কৰ ৯০% ঘৰ ক্ষতিগ্ৰস্ত হৈছে।

ইয়াৰ ভিতৰত, ৬০% সম্পূৰ্ণৰূপে ধ্বংস হৈছে । চহৰখনত কমেও ১৫০০ বাসিন্দাৰ মৃত্যু হৈছে। ডনেটস্কৰ লিমান অঞ্চল ৰাছিয়াৰ নিয়ন্ত্ৰণত পৰিছে। মস্কোৱে জনাইছে ,ডনবাছলৈ তেওঁলোকে “স্বাধীনতা” আনিব। ৰাছিয়ান সমৰ্থিত বিচ্ছিন্নতাবাদী সংগঠনসমূহেও ডনবাছৰ দুটা অঞ্চল ডনেটস্ক আৰু লুহানস্কত “স্বাধীনতা সংগ্ৰাম” চলাই আছে।

লুহানস্কৰ প্ৰায় সকলো (৯০%) এতিয়া ৰাছিয়াৰ হাতত আছে। আনহাতে, ৰাছিয়াই কৃষ্ণ সাগৰত কমেও ৫০০ খন ছোভিয়েট যুগৰ খনি বিয়পাইছে বুলি অভিযোগ কৰা হৈছে। ফলস্বৰূপে, বিদেশৰ পৰা অহা সামগ্ৰীবোৰ সাগৰীয় পথেৰে ইউক্ৰেইনত প্ৰৱেশ কৰিব নোৱাৰে।

Exit mobile version