Viral : টেক্টৰ চলাই বিয়াৰ মণ্ডপত আহিলে কইনা ! ভাইৰেল ভিডিঅ’

1653717680 123 1

সময়ৰ লগে লগে বিবাহৰ ৰীতি-নীতিও সলনি হৈ আহিছে। কেতিয়াবা দেখা যায় কইনাই দৰাক বিয়া কৰাবলৈ গৈছে , কেতিয়াবা বুলেট চলাই বিয়াৰ মণ্ডপত উপস্থিত হয় । আকৌ কইনাইও ঘোঁৰাত উঠি বিয়া পাতিবলৈ যোৱাৰ ঘটনাই শেহতীয়াকৈ দৃষ্টি আকৰ্ষণ কৰিছে।

এইবাৰ, সেই একেধৰণে, মধ্য প্ৰদেশৰ বেতুলত এগৰাকী কইনাক তেওঁৰ বিবাহৰ মণ্ডপত উপস্থিত হোৱা দেখা গ’ল । কিন্তু অন্য ৰূপত । তেওঁ বুলেট চলাই বা ঘোঁৰা চলাই মণ্ডপত উপস্থিত হোৱা নাই। তেওঁ এখন ট্ৰেক্টৰ চলাই আহি বিয়াৰ মণ্ডপত উপস্থিত হয় । সেই ভিডিঅ’টো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

কইনাগৰাকীৰ নাম ভাৰতী তাঘৰে। চকুত চানগ্লাছ, হাতত ট্ৰেক্টৰৰ স্থিয়াৰিং , কইনাৰ সাজত চালকৰ আসনত বহি টেক্টৰ আহি কইনা।

দুয়োফালে আছে তেওঁৰ ভাতৃসকল। ভাৰতীয়ে মণ্ডপত অতি চলচ্চিত্ৰীয় ধৰণে উপস্থিত হয় । ভাৰতীয়ে শুক্ৰবাৰে মধ্য প্ৰদেশৰ বেতুলৰ জাবৰা গাঁৱত বিবাহ পাশত আৱদ্ধ হয়।

Exit mobile version