অসমৰ উদ্ভাৱক-অভিযন্তা দম্পতিৰ নতুন উদ্ভাৱন

অৰ্ধ বাইক অৰ্ধ কাৰৰ সামঞ্জস্যত নতুন বাহন

IMG 20220529 WA0018

অসমৰ এহাল উদ্ভাৱক দম্পতি আৰু এজন অভিযন্তাৰ এক চমক উদ্ভাৱনে খলকনি লগাইছে আই আই টি গুৱাহাটীত । বাইকৰ অসুবিধা আৰু কাৰৰ অসুবিধা আঁতৰাই এক সুন্দৰ আৰ্হিৰে সাজি উলিয়াছে এখন কাৰ । ৰিভাৰ্চ চাইক্লিং কৌশল আৰু বাঁহৰ ফাইবাৰেৰে সাজি উলিয়াইছে G11 নামৰ কাৰখন ।

আই আই টি গুৱাহাটীৰ ষ্টাৰ্টআপ প্ৰদশনীত এই তিনি চকীয়া সুন্দৰ বাহনখনে দৃষ্টি কাঢ়িছে সকলোৰে । উজ্জাম ইভি মবিলিটি, জাইশ্লুং দৈমাৰী আৰু ৰুটু চাংমাইয়ে বাইক আৰু কাৰৰ ওপৰত পৰীক্ষা চলাই সাজিছে এই নতুন আৰ্হিৰ কাৰ । চালকসহ দুজন বহিব পৰা G11 বাহনে দূৰ কৰিব পথৰ যানজঁট সমস্যাৰ লগতে ইন্ধনৰ খৰছ ।

ইনফুলুঠিয়াম বেটাৰীৰে চলা এই সুন্দৰ নেনো গাড়ীখন দেখি অভিভূত আই আই টি সঞ্চালক টি জি সীতাৰাম আৰু কেন্দ্ৰীয় মন্ত্ৰী সুব্ৰমনিয়াম জয় শংকৰ । আই আই টিৰ ষ্টাৰ্টআপ প্ৰদৰ্শনীত গাড়ীখন দেখি অভিভূত হ’ল মন্ত্ৰীগৰাকী । লোভ সামৰিব নোৱাৰি গাড়ীত বহি ষ্টিয়েৰিঙত হাত বোলালে মন্ত্ৰী জয় শংকৰে ।

গাড়ীত বহিল সঞ্চালক টি জি সীতাৰাম । প্ৰায় পাঁচ লাখ খৰচ হোৱা গাঁড়ীখন বজাৰলৈ তিনি লাখৰ ভিতৰত উলিয়াই দিব বুলি ক’লে উদ্ভাৱক জাইশ্লুং দৈমাৰীয়ে ।

অসমৰ উদ্ভাৱক বিজ্ঞানীদ্বয়ৰ উদ্ভাৱনী শক্তিৰে আকাশ চোৱাৰ সপোন সাৰ্থক হোৱাৰ পথত আৰু শীঘ্ৰে বজাৰত মুকলি কৰিব ।

Exit mobile version