Congress leader shot dead : নিৰাপত্তা প্রত্যাহাৰৰ পাছদিনাই গুলিত মৃত্যু পঞ্জাৱী গায়ক তথা কংগ্রেছ নেতাৰ

siddhu moosevala

দুষ্কৃতীকাৰীৰ গুলিত মৃত্যু হ’ল পঞ্জাৱৰ কংগ্রেছ নেতা তথা গায়ক সিধু মুছৱালাৰ । পঞ্জাৱৰ মানসা জিলাত ঘটনাটো সংঘটিত হৈছে । সিধুৰ মৃত্যু হয় যদিও প্রাণ ৰক্ষা পৰে তেওঁৰ আৰু দুই সংগীৰ । শনিবাৰে পঞ্জাৱত ৪২৪ জনৰ নিৰাপত্তা প্রত্যাহাৰ কৰে চৰকাৰে । তাৰ ভিতৰত আছিল এই কংগ্রেছ নেতাজনো ।

পঞ্জাৱত শুভদীপ সিং সিধু পৰিচিত সিধু মুছৱালা নামে । সূত্রৰ খবৰ, দেওবাৰে মানসাত নিজ বাসগৃহত উভতাৰ সময়তে তেওঁৰ গাড়ী ঘেৰাও কৰি গুলাবৰ্ষণ কৰে দুষ্কৃতীকাৰীসকলে । ৰক্তাক্ত অৱস্থাত সিধুক উদ্ধাৰ কৰি হাস্পাতালত লৈ যোৱা হয় যদিও চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰে ।

বিগত বৰ্ষৰ ডিচেম্বৰত সিধুৱে কংগ্রেছত যোগ দিছিল । পঞ্জাৱত সদ্য সমাপ্ত বিধানসভা ভোটত হাত চিহ্নৰ প্রার্থী হৈ তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিল মানসাত । কিন্তু তেওঁ আম আদমি পার্টিৰ প্রার্থী বিজয় ছিংলাৰ দ্বাৰা পৰাজিত হয় । প্রসংগত, এই ছিংলাকেই দুর্নীতিৰ অভিযোগত মন্ত্রীসভাৰ পৰা বৰ্খাস্ত কৰিছে মুখ্যমন্ত্রী ভগৱন্ত সিং মানে ।

Exit mobile version