Masked Aadhaar : ‘ভুল ব্যাখ্যাৰ সম্ভাৱনা’, প্রতিলিপিৰ পৰিৱৰ্তে মাস্কড আধাৰ সংক্রান্ত নির্দেশনা প্রত্যাহাৰ

Masked Aadhaar Card 16343150303x2 1

আধাৰৰ ফটোকপি নিদিয়াকৈ ‘মাস্কড আধাৰ’ দিয়াৰ নির্দেশনা প্রত্যাহাৰ । চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে, ‘এই পদ্ধতিত ভুল ব্যাখ্যাৰ সম্ভাৱনা আছে । সেয়ে এই নির্দেশনা প্রত্যাহাৰ কৰা হ’ল ।’ তাৰ পৰিৱৰ্তে আধাৰ দিয়াৰ সময়ত আৰু সতর্ক হোৱাৰ পৰামর্শ দিলে কেন্দ্র‌ই ।

বিগত ২৭ মে’ত কেন্দ্র‌ই এটা নির্দেশনা জাৰি কৰি জনায়, অপব্যৱহাৰ ৰোধ কৰিবলৈ কোনো প্রতিষ্ঠানক আপোনাৰ আধাৰৰ প্রতিলিপি নিদিব । ইয়াত প্রতাৰণা আৰু জালিয়াতিৰ সম্ভাৱনা থাকে । তাৰ পৰিৱৰ্তে মাস্কড আধাৰ দিয়াৰ নির্দেশ দিয়া হৈছিল । মাস্কড আধাৰ কি আৰু চৰকাৰী ৱেবছাইটৰ পৰা কেনেদৰে ডাউনলোড কৰিব লাগিব, সেয়াও জনোৱা হৈছিল ।

কিন্তু ইয়াৰ ফলত ব্যাপক বিভ্রান্তি সৃষ্টি হয় । সেয়ে ৪৮ ঘণ্টাৰ ভিতৰত সেই বিজ্ঞপ্তি প্রত্যাহাৰ কৰিলে আধাৰৰ দায়িত্বপ্রাপ্ত ‘ইউনিক আইডেন্টিফিকেছন অথৰিটি অৱ ইণ্ডিয়াই (ইউআইডিএআই)’ । নতুন বিজ্ঞপ্তিত কোৱা হৈছে, কোনো প্রতিষ্ঠানে আপোনাৰ আধাৰৰ প্রতিলিপি বিচাৰিলে সেয়া দিয়াৰ আগতে আৰু সতর্ক হ‌ওক ।

Exit mobile version