দেশ-জাতি-ধর্মৰ ব্যৱধান পাহৰি স্রোতৰ দৰে ভাইৰেল হৈছে এটি গীত— ‘পছুৰি’ । পাকিস্তানৰ জনপ্রিয় ‘কোক ষ্টুডিঅ’ৰ ১৪তম ছিজনৰ নতুন সংযোজন এইটো । গীতটি গাইছে আলি শেঠি আৰু শায় গিলে । কেৱল কণ্ঠৰ জাদু কিংবা বাণীৰ মাদকতা নহয়, গীতৰ ভিডিঅ’টোৱেও অজস্র মানুহৰ হৃদয় চুইছে । আশ্চর্যকৰ যে, পাকিস্তানি গীতটি সৰ্বাধিক চাইছে ভাৰতত ।
বহু লোকে গীতটি শুনিছে, ভিডিঅ’টোও চাইছে । যেন কোটি কোটি মানৱহৃদয়ক সভ্যতাৰ পৰা আঁতৰাই শৈশৱলৈ লৈ গৈছে ‘পছুৰি’য়ে । সুৰকাৰ শান্তনু মৈত্রই কৈছে, ‘‘অবিশ্বাস্য ! ইমান ভবা নাই ।’’ পাকিস্তানি নির্মাতাসকলো অবাক । ভবা নাই ভাৰতৰ পৰাই ইমানখিনি জনপ্রিয়তা পাব তেওঁলোকৰ সৃষ্টিয়ে ।
কিন্তু কি আছে এই গীতত ? ধ্যান দিলে দেখিব, এয়ে প্রথম নহয় । পাকিস্তানি শাস্ত্রীয় সংগীতৰ পৰা আৰম্ভ কৰি জীৱনমুখী গীত, কাৱালি, ছুফি সংগীত, আনকি বহু বেণ্ডৰ গীতৰো ভক্তৰ সংখ্যা ভাৰত আৰু বাংলাদেশতেই অধিক । গুলাম আলি কিংবা আবিদা পাৰভিন নহ’লেও এইদৰে নিজৰ কৰি লয় ভাৰতীয়সকলে ? সেই সেতু আজিও হৃদয় পৰা হৃদয়লৈ আছে ।
কিছু বছৰ আগতেও ভাৰত-পাকিস্তানে সাংস্কৃতিক আদান-প্রদান বজায় ৰাখিছিল । ছবি আৰু গীত তৈয়াৰৰ সময়ত কিমান শিল্পী পাকিস্তানৰ পৰা এই দেশত আহি কাম কৰিছে, ইয়াৰ শিল্পী গৈছেও সেই দেশত । কিন্তু কালক্রমে ৰাজনৈতিক বৈৰিতাই সংস্কৃতিৰ ওপৰত বাহ বান্ধিছে ।
উদাহৰণস্বৰূপে, আতিফ আছলামে আৰু ভাৰতীয় এলবামত গীত নাগায় । বলিউডত পাকিস্তানি অভিনেতাৰ প্রৱেশ নিষেধ । পাকিস্তানতো ভাৰতীয় ছবি মুক্তি নাপায় । অৱশ্যে ৮০ৰ দশকত পাকিস্তানি সংগীতশিল্পী ৰোহেল হায়াতে যি উন্মাদনাৰে ‘কোক ষ্টুডিঅ’ত পাকিস্তান’ গঢ়িছিল, আজিও সেয়া অব্যাহত আছে । পশ্চিমীয়া পপ জেমিঙৰ পৰা আৰম্ভ কৰি পাকিস্তানৰ নিজস্ব কাৱালিলৈ পৰ্যন্ত দীর্ঘ পথ ।
ভাৰতেও নিজস্ব ‘কোক ষ্টুডিঅ’ ইণ্ডিয়া’ শাখা খুলি উন্মাদনাৰ স্রোতক আগুৱাই লৈ গৈছে । পাকিস্তানি বেণ্ডৰ শৈলীত সংগীতৰ পৰিৱেশ সৃষ্টি হৈছে দেশত। কিন্তু ৰাজনৈতিক বাতাৱৰণত সেইসমূহ আৰু স্বীকাৰ কৰি লোৱাৰ অৱকাশ নাই ।
অৱশ্যে সামাজিক মাধ্যমত এবাৰ কিবা প্রকাশ্যত আহিলে তাক ৰোধ কৰা কাৰো সাধ্য নাই ! সেয়ে সীমান্ত পাৰ হোৱাত অসুবিধে নহয় ‘পছুৰি’ৰ । আচলতে সংগীত যে প্রাণৰ নির্যাস । ৰাজনৈতিক ক্ষত নুবুজে । ধর্মীয় আক্ৰমণত ভ্ৰূক্ষেপ নকৰে । ‘পছুৰি’ৰ দৰে এক প্লাৱন আহি আৰু এবাৰ সেয়া প্ৰমাণ কৰিলে ।