Savarkar : ৰণদীপ হুডা অভিনীত ‘সাভৰকৰ’ ছবিক লৈ বিতর্ক ! দুই শিবিৰৰ মাজত আৰম্ভ ‘দেশবিৰোধী’ ঢৌ

1653799304 savarkar

মুক্তিৰ আগতেই বিতর্কচ ৰণদীপ হুডা অভিনীত ‘স্বতন্ত্রবীৰ সাভৰকৰ’ । ইজনে সিজনক ‘দেশবিৰোধী’ আৰু ‘জাতিবিদ্বেষী’ বুলি আক্রমণ কৰিছে চৰমপন্থী হিন্দু আৰু মুছলিম সংগঠনবোৰে । এফালে ‘পপুলাৰ ফ্রন্ট অৱ ইণ্ডিয়া’ বা পিএফঅ’ আনফালে আছে, হিন্দু মহাসভা আৰু বিশ্ব হিন্দু পৰিষদ ।

২৮ জুন বিনায়ক দামোদৰ সাভৰকৰৰ জন্মদিনত প্ৰকাশ্যত আহিছে ‘স্বতন্ত্রবীৰ সাভৰকৰ’ ছবিৰ প্রথম ঝলক । ৰণদীপে টুইটাৰ হেণ্ডলৰ পৰা সেই ক্লিপ টুইট কৰে । অহা আগষ্টত ছবিখন মুক্তি পাব । তাৰ আগতে সাভৰকৰৰ জীৱন-নির্ভৰ তথ্যচিত্রক লৈ আৰম্ভ হ’ল বিতর্ক ।

পিএফআই-ৰ অভিযোগ, বিজেপিৰ শাসনকালত ‘দেশবিৰোধী’ এজন ব্যক্তিক দেশপ্রেমী বুলি প্রচাৰৰ পন্থা আৰম্ভ হৈছে । গান্ধী হত্যাত জড়িত থকাৰ অভিযুক্ত এজনক দেশপ্রেমী বুলি কৈ তেওঁৰ সমস্ত অপৰাধ লুকুৱাই পেলোৱাৰ প্রয়াস কৰিছে বুলি অভিযোগ এই চৰমপন্থী মুছলিম সংগঠনটোৰ ।

ইয়াকে লৈ পিএফআইক কটাক্ষ কৰিছে হিন্দু মহাসভা আৰু বিশ্ব হিন্দু পৰিষদে । দুই হিন্দুত্ববাদী সংগঠনৰ প্রতিক্রিয়া, যি সংগঠনৰ বিৰুদ্ধে সন্ত্ৰাসবাদী-যোগৰ একাধিক অভিযোগ আছে, তেওঁলোকৰ বাবে দেশপ্রেমৰ প্ৰমাণপত্র লোৱা হাস্যকৰ ।

বিশ্ব হিন্দু পৰিষদৰ মুখপাত্র বিনোদ বনছলৰ মতে, ‘‘যি সংগঠন দেশবিৰোধী আৰু ভাৰতবিৰোধী, সন্ত্রাসবাদীসকলৰ স’তে সম্পর্ক ৰখাৰ অভিযুক্ত, যিসকলৰ বিৰুদ্ধে কেন্দ্রীয় চোৰাংচোৱা সংস্থা এনআইএ-য়ে তদন্ত কৰিছে, তেওঁলোকে এতিয়া ‘জাতীয়তাবাদ’ৰ প্ৰমাণপত্র বিতৰণ কৰিছে !’’

হিন্দু মহাসভাৰ সভাপতি স্বামী চক্রপানি মহাৰাজৰ মন্তব্য, ‘‘বীৰ সাভৰকৰক দেশদ্রোহী বুলি কোৱা পিএফআই-ক নিন্দাৰ কোনো ভাষা নাই ।’’ মুক্তিৰ আগতেই ৰণদীপ অভিনীত ছবিক লৈ গুৰুতৰ বিতর্ক আৰম্ভ হৈছে ।

‘স্বতন্ত্রবীৰ সাভৰকৰ’ ছবিত সাভৰকৰৰ চৰিত্রত দেখা যাব ৰণদীপক । ছবিখনৰ পৰিচালনা কৰিছে একাধিক হিন্দী, মৰাঠী, তেলেগু ছবিৰ পৰিচালক মহেশ মঞ্জৰকৰে । সাভৰকৰৰ ১৩৯তম জন্মবার্ষিকীত প্ৰকাশ পাইছে এই ছবিৰ প’ষ্টাৰ । য’ত লিখা আছে, ‘হিন্দুত্ব ধর্ম নহয়, এটা ইতিহাস ।’

Exit mobile version