কেন্দ্রক প্ৰত্যক্ষ আক্রমণ জম্মু আৰু কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রীৰ, কি ক’লে ফাৰুক আব্দুল্লাই ?

Farooq Abdullah CM

জম্মু আৰু কাশ্মীৰ নেছনেল কনফাৰেন্সৰ (Jammu and Kashmir National Conference) সভাপতি ফাৰুক আবদুল্লাই (Farooq Abdullah) দেওবাৰে এই কেন্দ্রশাসিত অঞ্চলৰ আইনশৃংখলা পৰিস্থিতিক লৈ কেন্দ্র চৰকাৰক কটাক্ষ কৰিছে । দিল্লীত এটা অনুষ্ঠানত আবদুল্লাই কয়, “যেতিয়ালৈকে আপুনি জম্মু আৰু কাশ্মীৰৰ মানুহৰ মন জয় কৰিব নোৱাৰিব, তেতিয়ালৈকে আমি শান্তিত নাথাকো । জম্মু আৰু কাশ্মীৰত শান্তি নাহে যেতিয়ালৈকে আপুনি মানুহৰ মন জয় কৰিব নোৱাৰে…”

তেওঁ আৰু কয়, “কাশ্মীৰত প্রতিদিনেই মৃত্যুৰ ঘটনা ঘটিছে । এনে এটা দিনো নাই যেতিয়া এই কেন্দ্রশাসিত অঞ্চলত মৃত্যু হোৱা নাই । কেন্দ্রশাসিত অঞ্চলৰ এটা বৃহৎ অংশ সেনা কর্মীৰ দ্বাৰা পূর্ণ । সেনাবাহিনীয়ে সকলো সময়তে মানুহৰ মন জয় কৰিব নোৱাৰে । পৰিৱর্তে, তাত ভালপোৱাৰ প্রয়োজন । তেওঁলোকে (কেন্দ্র‌ই) এইটো বুজিব লাগিব ।”

২৬ মে’ত, জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে জনাইছে যে বছৰৰ প্রথম পাঁচ মাহৰ ভিতৰত জম্মু আৰু কাশ্মীৰত লস্কৰ-ই-তৈয়বা আৰু জইশ-ই-মহম্মদ সংগঠনৰ স’তে জড়িত ২৬ জন সন্ত্রাসবাদী নিহত হৈছে ।

আৰক্ষীৰ কাশ্মীৰ জ’নৰ ইন্সপেক্টৰ জেনেৰেল বিজয় কুমাৰে কয়, “চলিত বৰ্ষত, এই পর্যন্ত ২৬ জন বিদেশী সন্ত্রাসবাদীক নিষ্ক্রিয় কৰা হৈছে ।” বৃহস্পতিবাৰে কুপওৱাৰা জিলাত এটা এনকাউন্টাৰত নিৰাপত্তা বাহিনীৰ হাতত তিনিজন এলইটি সন্ত্রাসী নিহত হয় ।

Exit mobile version