বিয়াত ফটোগ্ৰাফাৰ নাই, খঙত বিয়াত বহিবলৈ অস্বীকাৰ কইনাৰ

marriage 1 16470962543x2 1

বিবাহৰ ক্ষেত্ৰত মানুহৰ নিজা বহুতো আশা আকাংক্ষা থাকে। বিয়া অনুষ্ঠান নিজৰ মনৰ পছন্দৰ মতে নোহোৱাৰ বাবেও মণ্ডপ এৰি যোৱাৰ খবৰ শুনিবলৈ পোৱা যায় ।এনে ঘটনাও ঘটিছে য’ত কইনাই বিয়াত বহিবলৈ অস্বীকাৰ কৰিছে কাৰণ দৰাই বিবাহস্থলীলৈ সুৰাপান কৰি আহিছে।

কিন্তু এইবাৰ দৰাক প্ৰত্যাখ্যান কৰাৰ এক অদ্ভুত কাৰণ সন্মুখলৈ আহিল । উত্তৰ প্ৰদেশৰ এগৰাকী যুৱতীয়ে মণ্ডপতে বিয়াত বহিবলৈ অস্বীকাৰ কৰিলে।

কাৰণ শুনিলে আপুনিও হ’ব আচৰিত । দৰাই লগত ফটোগ্ৰাফাৰক আনিবলৈ পাহৰাৰ বাবেই বিয়াত বহিবলৈ অস্বীকাৰ কৰিলে যুৱতীয়ে । ঘটনাটো সংঘটিত হৈছে কানপুৰৰ দেহাট জিলাৰ এখন গাঁৱত ।

তথ্য অনুসৰি, যেতিয়া কইনাই অনুভৱ কৰিছিল যে বিবাহৰ মুহূৰ্তবোৰৰ ফটো তুলিবলৈ কোনো ফটোগ্ৰাফাৰ নাই, তেতিয়া তেওঁ বিবাহত বহিবলৈ অস্বীকাৰ কৰে।

বিয়াৰ মণ্ডপ এৰি গুচি যায় চুবুৰীয়াৰ এখনঘৰলৈ । কইনাই ক’লে, “যিজন ব্যক্তিয়ে আমাৰ বিয়াৰ কথা চিন্তা নকৰিলে তেওঁ ভৱিষ্যতে মোৰ কি চিন্তা কৰিব ,তেওঁ ভৱিষ্যতে কিদৰে মোৰ যত্ন ল’ব ?” পৰিয়ালৰ জ্যেষ্ঠসকলে তেওঁক বুজাবলৈ চেষ্টা কৰাৰ পাছতো তেওঁ বিয়াত বহিবলৈ অস্বীকাৰ কৰে।

বিষয়টো গুৰুতৰ হোৱাৰ পাছতে আৰক্ষীক অৱগত কৰা হয়। মঙ্গলপুৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক দৰী লালৰ মতে, বিষয়টো পাৰস্পৰিকভাৱে নিষ্পত্তি কৰা হৈছে। দুয়োপক্ষই ইজনে সিজনক দিয়া নগদ ধন ঘূৰাই দিয়ে। দৰাই কইনাৰ অবিহনেই ঘৰলৈ উভতি যাব লগা হয়।

Exit mobile version