Nepal Plane Crash : সন্ধানহীন বিহাৰৰ একেটা পৰিয়ালৰ সাত সদস্য ! আছিল নেপালৰ দুর্ঘটনাগ্রস্ত বিমানত ?

2022 05 29t082134z 1 lynxmpei4s032 rtroptp 3 nepal airline

নেপালত বিমান দুর্ঘটনাৰ খবৰে ভয় আৰু আতংকত গ্রাস কৰিলে বিহাৰৰ ধনুশাৰ মিথিলাক । মুক্তিনাথ দর্শনত গৈছিল তাৰ বাসিন্দা ৰাজনকুমাৰ গোলে আৰু তেওঁৰ পৰিয়ালে । কিন্তু তেওঁলোকৰ কাৰো কোনো সন্ধান পোৱা নাই । স্থানীয়সকলৰ দাবী, দুর্ঘটনাগ্রস্ত বিমানতেই আছিল পৰিয়ালৰ সাত সদস্য ।

পোখৰাৰ পৰা তেওঁলোক বিমানত উঠিছিল ৰাজনকুমাৰ গোলে, তেওঁৰ পিতৃ বাহাদুৰ গোলে, মাতৃ ৰামায়া গোলে, খুৰা পুৰুষোত্তম গোলে, খুৰী তুলসিদেৱী, মামা মকৰ বাহাদুৰ আৰু সুকুমায়া তমাল । পৰিয়ালবৰ্গ‌ই জনাইছে, তেওঁলোকৰ কাৰো কোনো সন্ধান পোৱা নাই ।

দেওবাৰে পুৱা ১০ বজাত পোখৰাৰ পৰা জমসম যোৱাৰ পথত বেচৰকাৰী সংস্থা পৰিচালিত এখন বিমান ২২ জন যাত্রীসহ নিঃসন্ধান হৈ যায় । সন্ধানহীন হোৱাৰ আগতে শেষবাৰ বিমানখনক দেখা গৈছিল নেপালৰ মুস্তাংগৰ জমসমৰ আকাশত । অৱশ্যে তাত অৱতৰণ কৰাৰ আগতেই বিমানখন ধবলগিৰি পাহাৰৰ দিশে ঘূৰি যায় । তাৰ পাছত আৰু বিমানখনৰ স’তে যোগাযোগ কৰিব পৰা নাযায় ।

তুষাৰপাতৰ বাবে নেপালত ধ্বংস হোৱা বিমানৰ সন্ধান মাজতেই বন্ধ কৰিবলগীয়া হৈছিল দেওবাৰে । সোমবাৰে পুৱা তালাচী অভিযান আৰম্ভ কৰাৰ কিছু ঘণ্টাৰ ভিতৰতে সন্ধান পোৱা গৈছে দুর্ঘটনাগ্রস্ত বেচৰকাৰী সংস্থা পৰিচালিত টুইন-ইঞ্জিন বিমানখনৰ । যাৰ ২২ জন যাত্রীৰ ভিতৰত চাৰিজন ভাৰতীয় আছিল বুলি জনাইছে বিমান সংস্থা সূত্রে ।

ইয়াৰ উপৰি, আছিল দুজন জার্মানী, ১৩ জন নেপালী আৰু তিনিজন বিমান কর্মী । কিন্তু বিহাৰৰ এই পৰিয়ালৰ দাবী, তেওঁলোকৰ সাতজন সদস্য আছিল সংশ্লিষ্ট বিমানখনত ।

Exit mobile version