Nepal plane crash : প্ৰতিকূল বতৰৰ বাবে বিমান দূর্ঘটনা , প্ৰাথমিক তদন্তত জনালে নেপালে

1653982874 plane

দেওবাৰে পোখৰাৰ পৰা জমচমলৈ উৰা মৰাৰ অলপ পাছতে মধ্য আকাশত সন্ধানহীন হয় তাৰা এয়াৰৰ বিমানখন । নেপালৰ মাষ্টাং জিলাৰ থাচাং-২ৰ ওচৰৰ সমতলৰ পৰা ১৪ হেজাৰ ৫০০ ফুট উচ্চতাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় ।

নেপালৰ অসামৰিক বিমান পৰিবহন কৰ্তৃপক্ষই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কাৰণ জনালে। প্ৰাথমিক অনুসন্ধানৰ পাছত, তেওঁলোকে জনাইছে ,বেয়া বতৰৰ বাবে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।

দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ধ্বংসাৱশেষৰ পৰা ২২ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বিমানখনৰ ব্লেকবক্সটোও উদ্ধাৰ কৰা হয়।

প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাই যে প্ৰতিকূল বতৰৰ বাবে, বিমানখনে বাওঁফালে যোৱাৰ পৰিৱৰ্তে সোঁফালে থকা পৰ্বতটোত খুন্দা মাৰে। ফলত, বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।

স্থানীয় এটা সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুযায়ী ,বিমানখন ৪২ বছৰ পুৰণি । ১৯৭৯ চনত এয়াৰ বটচৱানাই বিমানখন ক্ৰয় কৰে। পৰৱৰ্তী কালত লুম্বিনী এয়াৰৱেজে বিমানখন নেপাললৈ আনে । ২০১০ চনত, বিমানখন এয়াৰৰ হাতলৈ আহে ।

প্রসংগত দুৰ্ঘটনাগ্ৰস্ত বিমানখনত চাৰিজন ভাৰতীয়সহ মুঠ ২২ জন যাত্ৰী আছিল। তাত দুজন জাৰ্মান নাগৰিক আৰু ১৩ জন নেপালী নাগৰিকো আছিল।

বিমান দুৰ্ঘটনাত মৃত্যু হোৱা চাৰিজন ভাৰতীয় নাগৰিকক বৈভৱী ত্ৰিপাঠী, অশোক কুমাৰ ত্ৰিপাঠী, ধনুষ ত্ৰিপাঠী আৰু ৰিতিকা ত্ৰিপাঠী বুলি চিনাক্ত কৰা হৈছে।

Exit mobile version