ৰাজ্যত তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱ

সাত বছৰে নাঙলভাঙা নৈৰ বুকুত ওলমি আছে শিশুবাৰী প্ৰাথমিক বিদ্যালয়

আজিৰে পৰা আৰম্ভ তৃতীয় পৰ্য্যায়ৰ গুনোৎসৱ । চিৰাং জিলাত প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈ মুঠ ৯১২ খন বিদ্যালয়ৰ ৭২০১১জন ছাত্ৰ-ছাত্ৰীয়ে অংশ ল’ব গুনোৎসৱত । জিলা প্ৰশাসনে এই গুনোৎসৱত ৪২২ জন নিৰিক্ষক নিয়োগ কৰিছে । এই গুনোৎসৱে প্ৰকৃততে বিদ্যালয়সমূহৰ কিমান ভালদৰে মূল্যায়ণ কৰিছে বা কি উপকাৰ কৰিছে সেয়া জনসাধাৰণে বিচাৰ কৰিব ।

গুণোৎসৱেও চিৰাং জিলাৰ ভিতৰুৱা এখন জৰাজীৰ্ণ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ বাস্থৱ ছবি সলনি কৰিব নোৱাৰিলে । বিগত গুণোৎসৱে বিদ্যালয়খনৰ বাবে কিমান উপকাৰ কৰিলে সেয়া জনসাধাৰণে বিচাৰ কৰিব । কিন্ত চিৰাং জিলাৰ ৬৮৬ নং শিশুবাৰী প্ৰাথমিক বিদ্যালয়ৰ এই দুৰৱস্থাৰ বাবে বিদ্যালয় পৰিচালনা সমিতিয়ে অভিযোগ কৰে গুণোৎসৱ বিদ্যালয়খনৰ বাবে ভেকোভাওনা হোৱা বুলিহে ।

নাঙলভাঙা নৈৰ গৰাখহনীয়াৰ কৱলত পৰি নৈৰ ওপৰত ওলমি আছে যোৱা ২০১৫ চনৰে পৰা । ইয়াৰ মাজতে বহুবাৰ বাতৰি পৰিবেশনৰ লগতে বিভাগীয়ভাৱে যোগাযোগ কৰাৰ লগতে মন্ত্ৰী-বিধায়কৰ দুৱাৰে দুৱাৰে ঘূৰি বহু আবেদন নিবেদন কৰিও কোনো ফল নিদিলে । বাৰিষাৰ বতৰত নৈৰ পানী বাঢ়িলে বিদ্যালয়খনৰ তলেৰে পানী বৈ যায় । তাৰ মাজতে বিদ্যালয়ত ভয়াৱহ ধৰণে চলে পাঠদান ।

দুবছৰ পূৰ্বে দুজন ছাত্ৰ বিদ্যালয়ৰ পৰা পিছলি নৈৰ বাঢ়নি পানীত উটি গৈছিল যদিও শিক্ষক শসকলে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এনে ধৰণৰ ঘটনাৰ পাছতো গুৰুত্বহীন বিদ্যালয়খনৰ সমস্যা । যোৱা গুণোৎসৱত এ গ্ৰেড পাইয়ো একো নাপালে বিদ্যালয়খনে । বাৰিষা বতৰত বৰষুণৰ পানী ওপৰৰ পৰা পৰাৰ সমান্তৰালকৈ নৈৰ বাঢ়ণি পানী তলেদি সোমায় । পাঠদান বন্ধ কৰিবলগীয়া হয় শিক্ষকসকলে । অভিভাৱকেও ভয়তে নিজৰ সন্তান বিদ্যালয়লৈ নপঠিয়ায় ।

বৰ্তমান বিদ্যালয়খনত ৭৭ জন ছাত্ৰ-ছাত্ৰী থকাৰ বিপৰীতে শিক্ষক তিনিজন কিন্তু শ্ৰেণীকোঠাৰ অভাৱ । বাস্থৱত এই দৰেই গুণোৎসৱসমূহে বিদ্যালয়ৰ উন্নয়ন কৰিছে তাৰ নমুনা এয়া ।

ছাত্ৰ-শিক্ষক, অবিভাৱক সকলোৱে বিচাৰিছে অতিৰিক্ত শ্ৰেণীকোঠা প্ৰদান কৰি বিদ্যালয়খন নৈৰ খহনীয়াৰ পৰা ৰক্ষা কৰি শৈক্ষিক পৰিৱেশ উন্নত কৰা । কিন্তু বাস্থৱত সেয়া যোৱা সাত বছৰে হৈ নুঠিল আৰু কেতিয়া হৈ উঠিব তাৰো কোনো উত্তৰ নাই কাৰোৰে হাতত । আজিও তৃতিয় পৰ্য্যায়ৰ গুণোৎসৱ আৰম্ভ হ’ল বিদ্যালয়খনত ।

বিদ্যালয় পৰিচালনা সমিতি, শিক্ষক শিক্ষয়িত্ৰী তথা কণ কণ ছাত্ৰ-ছাত্ৰীয়ে দাবী কৰিছে এইবাৰ গুণোৎসৱৰ পাছতে যেন বিদ্যালয়খনৰ সমস্যাৰ সমাধান কৰে চৰকাৰে । কাৰণ জিলাখনৰ অতিকে পিছপৰা শ্ৰমজীৱি কৃষিজীৱি দৰিদ্ৰ লোকৰ বসতি থকা গাঁওখনৰ অভিভাৱকসকলৰ ক্ষমতাৰ বাহিৰত নিজৰ সন্তানক ব্যাক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়োৱাৰ । চৰকাৰে গুৰুত্ব নিদিলে পঢ়াৰ পৰা বঞ্চিত হ’বলগীয়া হ’ব গাঁওখনৰ কণ কণ ছাত্ৰ-ছাত্ৰী । ফ্লপ শ্ব’ত পৰিণত হ’ব শিক্ষাৰ অধিকাৰ আইন ।

Exit mobile version